সাধাৰণতে গৰমৰ দিনত বিভিন্ন ধৰণৰ ফল-মূলে আমাৰ শৰীৰত পুষ্টি যোগায়, চিকিত্সকে গৰমৰ দিনবোৰত ফল-মূল খোৱাৰ দিহা দিয়ে। বিভিন্ন তৰহৰ ফলমূলৰ উপৰিও বেলে আমাৰ শৰীৰত শীতলতা প্ৰদান কৰে, অকল শীতলতাই নহয় ই আমাৰ স্বাস্থ্যৰ পক্ষেও বহু উপকাৰী। আয়ুৰ্বেদিক দৃষ্টিকোণৰ পৰা বেলে কেৱল শীতলতা প্ৰদান কৰাই নহয় বহু ৰোগৰ পৰাও মৰিসন ঘটায়। বহুতে বেলৰ চৰৱত হিচাপেও গ্ৰহণ কৰে, কিন্তু চৰৱতকৈ বেছি ই ফল হিচাপেহে অধিক উপযোগী। বেলত প্ৰচুৰ পৰিমাণে প্ৰটিন, চৰ্বি, কেলচিয়াম, পটাছিয়াম, আইৰণ, ফছফৰাছ আৰু ভিটামিন এ, বি, চি থাকে, যিয়ে বহু ৰোগ নিৰাময় কৰাত সহায় কৰে। বিশেষকৈ পেট আৰু হৃদৰোগৰ বেমাৰ অতি ফলপ্ৰসু এই বেল। জণ্ডিচ, আলচাৰ, ৰোগ প্ৰতিৰোধ ক্ষমতা আদিত ই সৰ্বাধিক ফলপ্ৰসূ। বেল হজম আৰু কলেষ্টেৰলৰ ঔষধ। বেলত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে যিয়ে পাচনতন্ত্ৰ শক্তিশালী কৰাত অতি সহায়ক। ইয়াৰ উপৰিও হৃদযন্ত্ৰত জমা হোৱা কলেষ্টেৰল পৰিষ্কাৰ কৰাত বেলে বহুখিনি সহায় কৰে।