1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 5:16 am

কেঁকোৰা খাই ভালপায়নে? বিশ্বৰ সৰ্বাধিক দামী কেঁকোৰাটো খাবলৈ মন নেকি, তেন্তে ক্ৰয় কৰক এই স্থানত…

  • Update Time : Tuesday, March 1, 2022

ডিজিটেল ডেস্কঃ আপুনি কেঁকোৰা খাই পাইছেনে? যদি পাইছে তেন্তে কিমান দামত ক্ৰয় কৰে? সাধাৰণতে কেঁকোৰা বুলি ক’লে নদী, পুখুৰী বা পথাৰত পোৱা সেই কেঁকোৰাবিধৰ কথাই সকলোৱে বুজা হয়, কিন্তু আজি আমি আপোনালোকক এনে এবিধ কেঁকোৰাৰ কথা ক’ম যি বিধ কেঁকোৰা সবাতোকৈ দামত বিক্ৰী কৰা হয়৷ যাৰ দাম শুনিলে আচৰিত হ’ব আপুনিও, কেঁকোৰাক বহুতেই খাদ্য হিচাপে গ্ৰহণ কৰে যদিও পৃথিৱীৰ কিছু লোকে পুহিবলৈ ক্ৰয় কৰে কেঁকোৰা, এনেকুৱা বহু লোক আছে যি সকল লোকে জীৱ-জন্তুৰ লগতে কেঁকোৰাও অত্যাধিক ভালপাই৷

তেনে এজন লোকেই কেঁকোৰা, ক্ৰয় কৰিলে ৩২লাখ ৬৬হাজাৰ টকাত৷ কেঁকোৰাটো পৃথিৱীৰ সকলোতকৈ দামী কেঁকোৰা, বিশ্বৰ সবাতোকৈ দামী কেঁকোৰাটো বিক্ৰী হৈছে জাপানৰ পশ্চিম ক্ষেত্ৰৰ টট্টোৰীত,এই দামী কেঁকোৰাটো পোৱা যায় বৰফৰ মাজত, কেঁকোৰাটোৰ নাম হ’ল ক্ৰষ্টেশিয়ন, কেঁকোৰাটোৰ ওজন প্ৰায় ১.২কিলোগ্ৰাম৷ বিগত বৰ্ষত জাপানত আন এক কেঁকোৰাৰ মূল্য আছিল ১৩লাখ টকা, যাৰ বাবে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিছিল৷ কিন্তু এই বৰ্ষৰ কেঁকোৰাৰ দামে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি নতুন অভিলেখ ৰচিলে। সংবাদ‌ মাধ্যমৰ পৰা জানিব পৰা মতে বিশ্বৰ সবাতোকৈ দামী কেঁকোৰাটো এজন স্থানীয় ব্যৱসায়ীয়ে ক্ৰয় কৰিছে। তদুপৰি কেঁকোৰাটো জাপানৰ গ্লিটজি গিঞ্জাত অৱস্থিত এখন ৰেষ্টোৰেন্টত ৰখা হ’ব৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme