কৃষিকৰ্মৰে স্বাৱলম্বীতাৰ নিদৰ্শন দেখুৱাইছে বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত ৰাঘৱবিলৰ কেইবাগৰাকীও যুৱকে। স্কোৱাছৰ খেতি কৰি নিজৰ ভৰিৰ ওপৰত থিয় দিবলৈ সাহসেৰে আগুৱাই গৈছে যুৱককেইজনে৷ ৰাঘৱবিল গাঁৱৰ মইজুদ্দিনৰ সহিতে কেইগৰাকীমান যুৱ কৃষকে একেলগে বিভিন্ন খেতি কৰি স্বাৱলম্বী হোৱাৰ উপৰিও সমগ্র এলেকাটোতেই এক আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে। বাক্সাৰ পৰা গোলাপ নাথৰ ৰিপোৰ্ট অনুসৰি মইজুদ্দিনে তিনি বিঘা মাটিত স্কোৱাছৰ খেতি কৰি যথেষ্ট পৰিমাণে লাভবান হ’বলৈ সক্ষম হৈছে। প্ৰথম অৱস্থাত এবাৰ ছিঙিলেই ১০ কুইণ্টলৰ অধিক স্কোৱাছ বজাৰলৈ উলিয়াই দিব পাৰিছিল। উল্লেখ্য যে খেতিপথাৰত ব্যৱসায়ীসকলে গৈ মইজুদ্দিনৰ পৰা স্কোৱাছ ক্ৰয় কৰি লয়। আনহাতে বৰপেটাৰোড অথবা বাঁহবাৰীৰ গধুলি বজাৰতো এই উৎপাদিত সামগ্ৰী সমূহ বিক্ৰী কৰি উপাৰ্জন কৰি আহিছে৷ এই যুৱ কৃষক কেইগৰাকীয়ে স্কোৱাছকে আদি কৰি ভিন্ন খেতি কৰি নৱ-প্ৰজন্মৰ বাবে হৈ পৰিছে আদৰ্শ স্বৰূপ। এনেদৰে গাঁৱৰ কৃষক লোকসকলে পৰিয়ালকেন্দ্ৰীক ভাবে বহু কেইটা পৰিয়ালে বিভিন্ন খেতি কৰি গৈছে। অৱশ্যে খেতি কৰাৰ বাবদ চৰকাৰৰ পৰা কোনো ধৰণৰ সাহাৰ্য্য লাভ কৰা নাই বুলি কৃষক সকলে জানিব দিয়ে। তথাপি নিৰৱচ্ছিন্নভাৱে এটাৰ পিছত এটা প্ৰজাতিৰ খেতি কৰি গৈছে। অৱশ্যে উৎপাদিত খেতি বজাৰত উচিত মূল্য পোৱা বুলি জানিব দিয়ে যদিও খেতি শেষ হোৱাৰ সময়ত বজাৰ মূল্য যথেষ্ট বাঢ়িছে বুলিও সদৰি কৰে।