1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 1:16 pm
Trending:
আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу

কি হৈছে বড়োলেণ্ড বিশ্ববিদ্যালয়ত? কিয় অৰাজক পৰিস্থিতি বিশ্ববিদ্যালয়খনত…

  • Update Time : Tuesday, November 23, 2021

ডিজিটেল ডেস্কঃ কোকৰাঝাৰৰ দেৱৰগাঁৱস্থিত তথা নামনি অসমৰ একমাত্ৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান বড়োলেণ্ড বিশ্ববিদ্যালয়ত বিগত কিছুদিন ধৰি সৃষ্টি হৈছে অৰাজক পৰিস্থিতিৰ৷ বিশ্ববিদ্যালখনৰ বিভিন্ন সমস্যাক লৈ ছাত্ৰ-ছাত্ৰী দ সংগঠনে মাত মাতি আহিছে যদিও কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ৷ প্ৰায় তিনিবছৰ ধৰি স্থায়ী পঞ্জীয়ক নোহোৱাকৈয়ে চলি থকা বিশ্ববিদ্যালয়খনত স্থায়ী পঞ্জীয়ক বিচাৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে এবছুৱে৷

দুই, তিনি বছৰ ধৰি স্থায়ী পঞ্জীয়ক নিযুক্তি নিদিয়াৰ লগতে বিশ্ববিদ্যালয়খনৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুই মঙলবাৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বহুকেইখন মহাবিদ্যালয়ত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছে৷ ছাত্ৰ সংগঠনটোৱে কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়তো ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে৷ এবছুৰ কেন্দ্ৰীয় মুখপাত্ৰ জনক উজীৰৰ নেতৃত্বত ৰূপায়িত হোৱা ধৰ্ণা কাৰ্যসূচীত ছাত্ৰ সংগঠনটোৰ নেতা-কৰ্মীকে ধৰি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ হাতে হাতে বেনাৰ, ফেষ্টুন, প্লে-কাৰ্ড লৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা প্ৰতিবাদকাৰী সকলে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অপসাৰণ কৰা, বড়োলেণ্ড বিশ্ববিদ্যালয়ত স্থায়ী পঞ্জীয়ক নিযুক্তি দিয়া, পঞ্জীয়ক নিযুক্তিৰ পূৰ্বে সকলো ধৰণৰ উচ্চ পৰ্যায়ৰ সিদ্ধান্ত বন্ধ ৰখা, কাৰ্যনিৰ্বাহক পৰিষদ বৈঠকৰ পূৰ্বে বিশ্ববিদ্যালয়ৰ কৰ্ট মিটিং অনুষ্ঠিত কৰা, কাৰ্যনিৰ্বাহক পৰিষদৰ খালী হৈ থকা পদবী সমুহ পূৰণ কৰা, সময়মতে পৰীক্ষা অনুষ্ঠিত কৰা আৰু ফলাফল ঘোষণাৰ দাবীত বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷

উল্লেখ্য যে, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অপসাৰণ কৰা আৰু স্থায়ী পঞ্জীয়ক নিযুক্তি দিয়াকে ধৰি পাঁচ দফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰও বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োলৈ প্ৰেৰণ কৰিছে সংগঠনটোৱে৷ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত এবছুৰ প্ৰচাৰ আৰু জনসম্পৰ্ক ৰক্ষাকাৰী দিনেশ ব্ৰক্ষ্ম এবছুৰ কোকৰাঝাৰ আঞ্চলিক সভাপতি সাদিন ব্ৰহ্ম, জজিলা এবছুৰ শিক্ষা সচিব জাংগিলা ব্ৰক্ষ্ম উপস্থিত থাকে৷ কোকৰাঝাৰৰ ছোৱালী মহাবিদ্যালয়, কোকৰাঝাৰ বাণিজ্য মহাবিদ্যালয় আৰু কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়কে ধৰি জিলাখনৰ বিভিন্ন মহাবিদ্যালয়ত আজি এবছুৰ উদ্যোগত এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme