সোমবাৰৰ দিনটো বিশেষকৈ হিন্দু ধৰ্মাৱলম্বী লোকসকলে মহাদেৱৰ নামত উত্সৰ্গা কৰে। ভগৱান শিৱক শুদ্ধ মনেৰে উপাসনা কৰিলে, মহাদেৱে নিজৰ ভক্তৰ মনোবাঞ্জা অতি শুনকালে পূৰণ কৰে। বিশেষকৈ কেইটামান ৰাশিৰ জাতক-জাতিকাৰ ওপৰত শীঘ্ৰে তুষ্ট হয় মহাদেৱ।
মকৰ ৰাশি- মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ মূল ঈশ্বৰ হ’ল শনিদেৱতা। শনি দেৱে শিৱৰ কৃপাতে ন্যায়ৰ ঈশ্বৰ হৈছে, যাৰ বাবে এই ৰাশিচক্রৰ লোকসকলৰ ওপৰত তুষ্ট হৈ মহাদেৱে আশীৰ্বাদ প্ৰদান কৰে। যদি এই লোকসকলে শুদ্ধ হৃদয়েৰে ভগৱান শিৱক আৰাধনা কৰে, তেন্তে তেওঁলোকে কেতিয়াও জীৱনত বিফলতাৰ সন্মুখীন হ’ব নালাগে।
মীন ৰাশি- মীন ৰাশিৰ জাতক-জাতিকাসকলৰ ঐশ্বৰিক চেতনাৰ গুণাগুণ আছে, যাৰ বাবে তেওঁলোকে ভগৱান শিৱৰ কৃপা লাভ কৰে। মহাদেৱৰ আশীৰ্বাদত এই লোকসকল সদায় জীৱনত আগবাঢ়ি যায় আৰু সমাজত তেওঁলোকে যথেষ্ট সন্মান লাভ কৰে।
সিংহ ৰাশি- সিংহ ৰাশি জাতক-জাতিকাসকলৰ ওপৰত সোনকালে তুষ্ট হয় মহাদেৱ। প্ৰতি সোমবাৰে এই ৰাশিৰ লোকসকলে দৰ্শন কৰক শিৱমন্দিৰ লগতে আৰাধনা কৰক ভগৱান শিৱক, এনেদৰে কৰিলে সকলো বিপদৰ পৰা সন্মুখীন হ’ব এই ৰাশিৰ জাতক-জাকিকাসকলে।
কুম্ভ
মহাদেৱৰ প্ৰিয় ৰাশি বুলি গণ্য কৰা হয় কুম্ভ ৰাশি। মহাদেৱক সন্তুষ্ট কৰিবলৈ এওঁলোকে কঠোৰ পৰিশ্ৰম কৰিব নালাগে। সদায় আনৰ ভালৰ কথা চিন্তা কৰে এই ৰাশিৰ লোকসকলে। যাৰ বাবে, মহাদেৱ কুম্ভ ৰাশিৰ লোকসকলৰ প্ৰতি সদায় দয়ালু। যদি এই লোকসকলে মহাদেৱক শুদ্ধ মনৰে উপাসনা কৰে, তেন্তে তেওঁলোকে নিশ্চিতভাৱে জীৱনত সুখ আৰু সমৃদ্ধি লাভ কৰে।
বৃশ্চিক ৰাশি
অদম্য সাহসগৰাকী হয় বৃশ্চিক ৰাশিৰ লোকসকল, কঠোৰ পৰিশ্ৰমৰ মাজেৰে এওঁলোকে যিকোনো লক্ষ্যত স্থানত উপনীত হ’ব পাৰে। তেওঁলোক স্বভাৱত অতি আৱেগিক আৰু মানুহক সহায় কৰিবলৈ সদায় সাজু। যাৰ বাবে এই ৰাশিৰ লোক মহাদেৱক অতি প্ৰিয়।