হাওঁফাওঁৰ কেঞ্চাৰ হ’ল হাওঁফাওঁৰ কলাত গঠন হোৱা কেঞ্চাৰ৷ পুৰুষ মহিলা উভয়ৰ ক্ষেত্ৰতে হ’ব পাৰে এই ৰোগ৷ কিন্তু জানেনে কেনেকৈ হ’ব পাৰে হাওঁফাওঁৰ কেঞ্চাৰ৷
. বুকুৰ বিষ- হাওঁফাওঁৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত ৰোগীয়ে বুকুত যথেষ্ট বিষ অনুভৱ কৰে৷ এনে বিষ অনুভৱ হ’লে ততালিকে চিকিৎসকৰ কাষ চাপক৷
. দীৰ্ঘদিনীয়া কাহ হোৱা- যদি কোনো কাৰণ নোহোৱাকৈ কাহ হয় যিটো ঔষধ খোৱাৰ পাছতো ভাল নহয় তেন্তে এই অৱস্থা হাওঁফাওঁৰ কৰ্কট ৰোগৰ বাবে হ’ব পাৰে৷
. উশাহ-নিশাহ লোৱাত অসুবিধা পালেও কেতিয়াবা হাওঁফাওঁৰ কৰ্কট ৰোগৰ ইংগিত পোৱা যায়৷ যদি এনে হৈছে আপোনাৰ সৈতে তেন্তে অতি শীঘ্ৰেই কাষ চাপক চিকিৎসকৰ৷
. উশাহ লওঁতে হুমনিয়াহ কাঢ়িলে বা উশাহ লওঁতে শব্দ কৰিলে হাওঁফাঁৰ কৰ্কট ৰোগৰ ইংগিত পোৱা যায়৷
. থু আৰু কফত তেজ- থু পেলোৱাৰ সময়ত কফৰ সৈতে তেজ ওলালেও হাওঁফাওঁৰ কেঞ্চাৰৰ ইংগিত লাভ কৰা যায়৷