1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 2:28 pm

কিশোৰীয়ে ক’লে NO, ক্ষোভত ‘আশ্বিক’ যুৱকে কৰিলে এই কাণ্ড

  • Update Time : Thursday, September 28, 2023

কেৰালাত সংঘটিত এক ঘটনাই শিহৰিত কৰি তুলিব আপোনাক। এগৰাকী কিশোৰীক ছুৰীৰে আক্ৰমণ এজন যুৱকৰ।
কেৰালাৰ কোজিকোড জিলাত সংঘটিত হোৱা এক ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। কেৰালাৰ এগৰাকী ১৭ বছৰীয়া কিশোৰীক ছুৰীৰে আক্ৰমণ এজন যুৱকৰ। খবৰ অনুসৰি, কিশোৰীগৰাকীয়ে যুৱকজনৰ বিবাহৰ প্ৰস্তাৱ নাকচ কৰিছিল। বিবাহৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই যুৱকজনে ক্ষোভিত হৈ সংঘটিত কৰে ভয়ংকৰ কাণ্ড। আৰ্ছাদ নামৰ এজন ২৮ বছৰীয়া যুৱকে নিজৰ বিবাহৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে ১৭ বছৰীয়া কিশোৰীগৰাকীক ছুৰীৰে আক্ৰমণ কৰে। ইতিমধ্যেই এই নৃশংস আক্ৰমণৰ সমগ্ৰ দৃশ্য বন্দী হৈছে চিচিটিভিত। জানিব পৰা মতে কিশোৰীগৰাকীক যুৱকজনে বিবাহৰ প্ৰস্তাৱ দিছিল। দুয়োখনে ঘৰ সেই প্ৰস্তাৱত সন্মতিও দিছিল। শেষত কিশোৰীগৰাকীয়ে এই প্ৰস্তাৱ মানি ল’বলৈ অমান্তি হয়। যাৰফলত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো। ইতিমধ্যেই আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত আৰ্ছাদক আটক কৰি তদন্ত আৰম্ভ কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme