পৰিয়াল কি? পিতৃ-মাতৃ, খুড়া-খুড়ী, ককাই-ভাই, ককা-আইতা আদি সম্পৰ্কবোৰ মনলৈ আহে পৰিয়াল বুলি কলে৷ কিন্তু আধুনিক সমাজ ব্যৱস্থাত যৌথ পৰিয়ালৰ বিলুপ্তি ঘটিল আৰু একক পৰিয়ালৰ মানসিকতা গঢ় লৈ উঠিল৷ ইয়ে পৰিয়ালৰ সদস্য সকলৰ মাজত পাৰম্পৰিক দায়বদ্ধতা হ্ৰাস কৰিছে আৰু মানুহৰ মনত মৰম ভালপোৱাৰ অভাৱ দেখিবলৈ পোৱা গৈছে৷ কৰ্ম ব্যস্ততা, প্ৰতিযোগিতা, বিলাসীকতাই যেন ইন্ধন যোগাইছে পৰিয়ালৰ সদস্যৰ মাজৰ ব্যৱধানত৷ সমাজৰ উচ্চ আসনত বা পদত নিজক চাবলৈ কোনো তেজৰ সম্পৰ্ক নথকা মানুহৰ পিছত দৌৰো, তেঁওলোকৰ সুখ-দুখৰ খবৰ লওঁ, ইয়াৰ বাবে আমি আমাৰ আপোনবোৰক কৰবাতে এৰি আহো৷ ক্ৰমান্বয়ে জটিল হৈ পৰে আমাৰ জীৱন যাত্ৰা, কোনোবাখিনিত যেন এলাগী হৈ ৰয় বৃদ্ধ পিতৃ-মাতৃ, অচিন হৈ পৰে আপোন সম্পৰ্কবোৰ৷ কোনো কোনো লোকৰ ক্ষেত্ৰত গুৰুত্বহীন হৈ পৰে নিজৰ মানুহবোৰ৷ সেয়ে প্ৰতিবছৰে আজিৰ দিনটোত অৰ্থাৎ ১৫ মে’ দিনটোত আন্তৰ্জাতিক পৰিয়াল দিৱস পালন কৰা হয়৷ একোটা পৰিয়ালৰ সদস্য সু-নাগৰিক, শিক্ষিত, সামাজিক হোৱা মানে এখন সুন্দৰ সমাজ গঠন হোৱা৷ এই দিৱসৰ উদ্দেশ্য পৰিয়ালৰ দায়বদ্ধতা, শৃংখলাবদ্ধতা, সমাজ আৰু সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাৰ সজাগতা সৃষ্টি কৰা৷ সেয়ে প্ৰতি বছৰে এই দিনটোত পৰিয়ালৰ বাবে এই দিৱস পালন কৰা হয়৷