1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
June 29, 2024, 9:45 am

কিয় মাজু পুত্ৰৰ সহযোগত মাতৃ-পিতৃয়ে হত্যা কৰিলে জ্যেষ্ঠ পুত্ৰক!

  • Update Time : Monday, June 3, 2024

হত্যাকাৰীৰ ৰূপত মাতৃ-পিতৃ আৰু ভাতৃ। কিয়? কিয় নিজৰ জন্মদাতা মাত- পিতৃয়ে লাভ কৰিলে হত্যাকাৰীৰ নাম। কিয় নিজৰ মাজু পুত্ৰ সৈতে মিলি জ্যেষ্ঠ পুত্ৰক কৰিলে হত্যা।
তিতাবৰত চাঞ্চল্যকৰ হত্যাকাণ্ড। জন্মদাতা পিতৃ মাতৃয়ে মাজু পুত্ৰৰ সহযোগত নিজ জেষ্ঠ পুত্ৰক কৰিলে হত্যা। শুনি আচৰিত বা অবিশ্বাস্য যেন লাগিলেও এয়া সত্য। তিতাবৰৰ সংবাদদাতা
প্ৰকাশ বৰই জনোৱা তথ্য অনুসৰি জ্যেষ্ঠ পুত্ৰই মদ্যপান কৰি দীৰ্ঘদিন ধৰি পিতৃ-মাতৃক অত্যাচাৰ কৰি আহিছিল বুলি জানিব পৰা গৈছে।
আৰু তাৰ ফলতেই
নিজ ডাঙৰ পুত্ৰ অনিল শইকীয়াক পিতৃ যোগেন শইকীয়া, মাতৃ মণি শইকীয়াই মাজু পুত্ৰ মঞ্জিত শইকীয়াৰ সহযোগত ঘৰৰ চোতালতে নিৰ্মম ভাৱে গৰু এৰাল দিয়া হাতুৰিৰে মূৰত মৰিয়াই মৰিয়াই হত্যা কৰে। তথ্য অনুসৰি হাতুৰিৰে মৰাৰ পাছত মুৰ্মক্ষ অৱস্থাত যোৰহাট মেডিকেল কলেজ হস্পিটেল নিয়া হয় যদিও যুৱক জনৰ মৃত্যু হয়। যুৱকজনক হত্যা কৰি মাতৃ পিতৃ আৰু মাজু পুত্ৰই পলায়ন কৰে যদিও পিতৃ যোগেন শইকীয়াক আতক কৰিবলৈ সক্ষম হৈছে তিতাবৰ আৰক্ষী৷ আনহাতে হত্যাকাণ্ডৰ লগত জড়িত আন দুই হত্যাকাৰীক বিচাৰি তিতাবৰ আৰক্ষীৰ অভিযান অব্যাহত ৰাখিছে ৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme