প্ৰায় ২৭ বছৰৰ অন্তত দিল্লী দখল কৰিবলৈ সক্ষম হৈছে ভাৰতীয় জনতা পাৰ্টি। আম আদমি পাৰ্টি আৰু কংগ্ৰেছক পৰাজয়ৰ গহ্বৰলৈ ঠেলি দি, দিল্লীৰ মছনদ দখল কৰিবলৈ সক্ষম হৈছে অৰবিন্দ কেজৰিৱাল। কিন্তু কেইবাটাও কাৰণত বিশেষ হৈ পৰিল এইবাৰৰ দিল্লী বিধানসভা নিৰ্বাচন। আঁহক জানো দিল্লী বিধানসভা নিৰ্বাচনৰ কেইটামান বিশেষ তথ্য
১) ২০২০ চনত বিজেপিয়ে দিল্লীত মাত্ৰ ৮ খন আসনহে লাভ কৰিছিল। ২০২৫ চনত ৬ গুণ অধিক আসন অৰ্থাৎ ৪৮ খনতকৈ অধিক আসন লাভ কৰিছে।
২) নতুন দিল্লী সমষ্টিত প্ৰবেশ ভাৰ্মাৰ হাতত কেজৰিৱালে ৪,০৮৯ টা ভোটত পৰাস্ত হোৱাৰ বিপৰীতে কংগ্ৰেছৰ সন্দীপ দীক্ষিতে মাত্ৰ ৪৫৬৮ টা ভোট লাভ কৰে।
৩) বিজেপিৰ দুয়োগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰই নিৰ্বাচনত জয়লাভ কৰিছে। নতুন দিল্লীৰ পৰা প্ৰবেশ ভাৰ্মা আৰু মতি নগৰৰ পৰা হৰিশ খুৰানা। প্ৰবেশ প্ৰাক্তন মুখ্যমন্ত্ৰী চাহিব সিং ভাৰ্মাৰ পুত্ৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী মদন লাল খুৰানাৰ পুত্ৰ হৰিশ খুৰানা।
৪) একেৰাহে তৃতীয়বাৰৰ বাবে কংগ্ৰেছৰ খাটা নুখুলিল দিল্লীত। কস্তুৰবা নগৰ একমাত্ৰ বিধানসভা সমষ্টি য’ত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে দ্বিতীয় স্থান লাভ কৰিছে।