সমাগত সৰস্বতী পূজা। বাগ দেৱীক আৰাধনা কৰিবলৈ সাজু সকলো। সৰস্বতী পূজা সৈতে জড়িত বগৰী। প্ৰবাদ আছে যে সৰস্বতী পূজাৰ পূৰ্বে খাব নাপায় বগৰী, কিন্তু কিয়?
পুৰাণ অনুসৰি বৈদিক দৰ্শনবিদ্যা অৰ্জনৰ উদ্দেশ্যে সৰস্বতী দেৱীক তুষ্ট কৰাৰ বাবে মহামুনি ব্যাসদেৱে বদ্ৰীকাশ্ৰমত তপস্যা কৰিছিল। তপস্যা আৰম্ভ কৰাৰ আগে আগে এটা ফলৰ বীজ তপস্যাস্থলীত থৈ ব্যাসমুনিক বাগদেৱীয়ে এটি চৰ্ত দিছিল যে এই ফলৰ বীজৰ পৰা গজালি মেলি এজোপা পূৰঠ গছলৈ ৰূপান্তৰিত হৈ সেই গছত ফল লাগি পকি সৰিব, সেইদিনাই তেওঁৰ তপস্যা পূৰ্ণ হ’ব আৰু দেৱী তেওঁৰ প্ৰতি প্ৰসন্ন হ’ব। দেৱীৰ এই চৰ্ত মানি ব্যাসদেৱেও তপস্যা আৰম্ভ কৰিছিল। লাহে লাহে সেই বীজৰ পৰা এটা পুলি অংকুৰিত হয়। সেই পুলিটো ডাঙৰ হৈ এজোপা পূৰ্ণ গছ হয়। গছজোপাত ফুল ফুলে আৰু সেই ফুলৰ পৰা ফল হয়। এই ফল পকি এদিন ব্যাসদেৱৰ মূৰৰ ওপৰত পৰাত তপস্যা ভংগ হোৱাত ব্যাসদেৱ জ্ঞাত হ’ল যে তেওঁৰ তপস্যা পূৰ্ণ হ’ল দেৱীয়ে কোৱাৰ দৰে।
এই ফল বিধেই বগৰী। সেয়ে বগৰীৰ অন্য এটি নাম বদ্ৰী। ব্যাসদেৱৰ তপস্যাৰ লগত বদ্ৰীৰ সম্পৰ্ক থকা বাবে ঠাই টুকুৰাৰ নাম হ’ল বদ্ৰীকাশ্ৰম। ব্যাসদেৱৰ তপস্যা পূৰণ হোৱাৰ দিনটো আছিল শ্ৰীশ্ৰী শুক্ল মাঘী পঞ্চমী। এই দিনটোতেই ব্যাসদেৱে বেদমাতা সৰস্বতীক বগৰী ফল নিবেদন কৰি পূজা অৰ্চনা কৰি ব্ৰহ্মসূত্ৰ ৰচনা আৰম্ভ কৰিছিল। তেওঁৰ এই কাৰ্য্যত দেৱী সন্তুষ্ট হৈছিল। সেইবাবে সৰস্বতী পূজাৰ আগতে বগৰী খাব পৰাকৈ উপযুক্ত হৈ নুঠে। শ্ৰীশ্ৰী মাঘী শুক্লা পঞ্চমীৰ দিনা সৰস্বতী দেৱীক অন্যান্য প্ৰসাদৰ লগত বগৰীক মুখ্য নৈবেদ্য হিচাপে আগবঢ়োৱা হয়। তাৰ পিছতহে বগৰী খোৱা হয়। বগৰী সৰস্বতী পূজাৰ প্ৰধান ফল। এই ফলৰ অবিহনে সৰস্বতী পূজা আধৰুৱা হয়।।