মানুহে কয় সঁচা হৃদয় ,সম্পূৰ্ণ ভক্তি আৰু সঠিক নিয়মৰে কৰা প্ৰাৰ্থনা নিশ্চিতভাৱে ভগৱানে শুনে। প্ৰতিজন ব্যক্তিয়ে নিজৰ নিজৰ নিয়ম অনুসৰি ঈশ্বৰক প্ৰাৰ্থনা কৰে। কিন্তু মাত্ৰ কেইজনমান লোকেহে ঈশ্বৰক অনুভৱ কৰিবলৈ সক্ষম হয়। কিয় এনেকুৱা হয়? সকলোৱে ঈশ্বৰক সন্তুষ্ট কৰিবলৈ প্ৰাৰ্থনা কৰে, কিন্তু সকলোৰে প্ৰাৰ্থনা কিয় ভগৱানে গ্ৰহণ নকৰে? প্ৰাৰ্থনা হ’ল আত্মাক পৰম আত্মাৰ সৈতে উপলব্ধি কৰাৰ আটাইতকৈ সহজ উপায়। কোৱা হয় যে জীৱনৰ উন্নতিৰ বাবেই হওক বা আত্মসন্তুষ্টিৰ বাবেই হওক নিতৌ আমি প্ৰাৰ্থনা কৰো। প্ৰাৰ্থনা হৈছে ঈশ্বৰৰ আগত নিজৰ হৃদয়ৰ কথা কোৱা। প্ৰাৰ্থনাৰ জৰিয়তে এজন ব্যক্তিয়ে নিজৰ বা আনৰ ইচ্ছা পূৰণ কৰিবলৈ চেষ্টা কৰে। তন্ত্ৰ, মন্ত্ৰ, ধ্যান আৰু জপ আদিও প্ৰাৰ্থনাৰ এক ৰূপ। প্ৰাৰ্থনাৰ শক্তিৰ পৰা নিৰ্গত শক্তিয়ে এজন ব্যক্তিৰ সমগ্ৰ জীৱনত প্ৰভাৱ পেলায়। সেইবাবেই কোৱা হয় যে কাৰো ক্ষতিৰ বাবে প্ৰাৰ্থনা কৰা উচিত নহয়। যদিও বহুতে অনুভৱ কৰে যে তেওঁলোকে ভগৱানৰ ওচৰত বহুত প্ৰাৰ্থনা কৰে কিন্তু তেওঁলোকৰ প্ৰাৰ্থনা শুনা নাই। আপোনাৰ সৈতে প্ৰতিটো সময়তে ভগৱান লগতে থাকে মাত্ৰ কিছু সময়ত আমাক নিজেই নিজৰ সমস্যাৰ সৈতে যুঁজিবলৈ দিয়ে যাৰ বাবে আমি ভাৱি লওঁ ভগৱানে আমাৰ প্ৰাৰ্থনা নুশুনে বুলি৷ আচলতে প্ৰাৰ্থনাৰ শক্তিয়ে সদায় অলৌকিকতা দেখুৱাই আহিছে। পিতৃ-মাতৃক সন্মান নকৰিলে ভগৱানক কৰা প্ৰাৰ্থনা বিফল হয়। সেয়ে সদায় শুদ্ধ অন্তৰে প্ৰকৃত মনেৰে ভগৱানক প্ৰাৰ্থনা কৰিব লাগে৷