বিগত কেইটামানদিনত দেশত হৃদৰোগত আক্ৰান্ত হৈ কেইবাজনো লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা হৈছে৷ যোৱা পাঁচ বছৰত ভাৰতত হৃদৰোগ সম্পৰ্কীয় ঔষধৰ বিক্ৰী ৫০ শতাংশতকৈ অধিক বৃদ্ধি পাইছে ৷ বয়োজ্যেষ্ঠ লোকৰ পৰা আৰম্ভ কৰি কণ কণ শিশুলৈকে, বহুলোক হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুক আকোৱালি লৈছে৷ ফাৰ্মাচিউটিকেল ৰিচাৰ্চ কোম্পানীৰ প্ৰতিবেদন অনুসৰি ২০২১ চনত ভাৰতত হৃদযন্ত্ৰৰ ঔষধৰ বিক্ৰী ১,৭৬১ কোটি টকা হৈছিল , আনহাতে ২০২৫ চনৰ ভিতৰত ই ২,৬৪৫ কোটি টকালৈ বৃদ্ধি পাইছে।এয়া প্ৰতি বছৰে গড়ে ১০.৭ শতাংশ বৃদ্ধি ৷
কিয় বাঢ়িছে হৃদৰোগ?
হৃদৰোগৰ বিষয়ে মানুহ এতিয়া সচেতন হৈ পৰিছে
উচ্চ ৰক্তচাপ অৰ্থাৎ ইয়াৰ সংখ্যা ১২০ৰ ওপৰত হয় তেন্তে ইয়াক বিপজ্জনক বুলি গণ্য কৰা হয়
হাৰ্ট এটেক : যেতিয়া হৃদযন্ত্ৰৰ পেশীলৈ তেজৰ সোঁত হঠাতে বন্ধ হৈ যায়
ষ্ট্ৰোক : মগজুলৈ তেজৰ যোগান বন্ধ হৈ পৰাৰ ফলত হয়
হৃদযন্ত্ৰ বন্ধ হোৱা : হৃদস্পন্দন হঠাৎ বন্ধ হৈ পৰা, যাৰ ফলত প্ৰতি বছৰে প্ৰায় ৭ লাখ লোকৰ মৃত্যু হয়
কি কাৰকে বিপদ বৃদ্ধি কৰে?
অনিয়মিত খাদ্যাভ্যাস , মানসিক চাপ, ধূমপান, মদ্যপান, মেদবহুলতা, উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ৷
সাধাৰণতে মানসিক চাপ, জীৱনশৈলী আৰু দৈনন্দিন জীৱনৰ খাদ্যাভাসে হয়তো ইয়াৰ কাৰণ হ’ব পাৰে৷
ভাৰতত হৃদৰোগ দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু এয়া কেৱল সংখ্যাৰ খেল নহয়। এইটো এটা গুৰুতৰ স্বাস্থ্য সতৰ্কবাণী, যিয়ে আমাৰ সকলোৱে নিজৰ জীৱনশৈলীৰ প্ৰতি মনোযোগ দিয়াৰ দিশলৈ আঙুলিয়াই দিয়ে। কাৰণ হৃদস্বাস্থ্য এতিয়া কেৱল বয়োজ্যেষ্ঠসকলৰ বাবে চিন্তাৰ বিষয় হৈ থকা নাই , আজিৰ যুৱক-যুৱতীসকলৰ বাবেও ই এক বাস্তৱত পৰিণত হৈছে। যদি আমি আমাৰ খাদ্যাভ্যাস , ব্যায়াম আৰু মানসিক চাপৰ প্ৰতি গুৰুত্ব দিওঁ , তেন্তে কেৱল ঔষধৰ ওপৰত নিৰ্ভৰশীলতা কমি যোৱাই নহয়, আপুনিও সুস্থ হৈ থাকিব।