1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 6:27 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

কিমান সুন্দৰী যুৱতীৰ হৃদয় ভাঙিছিল ৰাষ্ট্ৰপতি পুটিনে?

  • Update Time : Saturday, March 12, 2022

ডিজিটেল ডেস্কঃ ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ পিছতেই বিশ্বৱাসীৰ মুখত এটাই চৰ্চিত নাম ভ্লাডিমিৰ পুটিন৷ কোন তেখেত, কিমান শক্তিশালী তেঁও আপুনি হয়তো নিশ্চয় জানে৷ কিমান হৃদয়হীন হ’ব পাৰে পুটিন ? ইতিমধ্যে ইউক্ৰেইনৰ শিশুৰ পৰা বৃদ্ধলৈ এইগৰাকী ৰুছ ৰাষ্ট্ৰপতিৰ বাবেই হাজাৰ হাজাৰ মানৱ জীৱনলৈ নামি আহিছে চৰম ভাবুকি৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ পদত নিৰ্বাচিত হোৱাৰ পূৰ্বে ১৭ বছৰ ধৰি চোৰাংচোৱা সংস্থাত কাম কৰিছিল পুটিন৷ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজত হোৱা শীতল যুদ্ধৰ সময়ত পুটিনে কেইবাটাও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি সফলতাও লাভ কৰিছিল।

আপুনি জানেনে এই লৌহ মানৱৰ ভিতৰতো আছে এখন প্ৰেমিক হৃদয়? পুটিনৰ কঠোৰ হৃদয়খন এসময়ত কোমল কৰিছিল বিশ্ববিখ্যাত অলিম্পিয়ান এলিনা কাবায়েবাই। এলিনা আৰু পুটিনৰ প্ৰেমৰ সম্পৰ্ক অতি গোপনীয় আছিল৷ নিজৰ প্ৰেমৰ সম্পৰ্কৰ কথা ৰাজহুৱা কৰিবলৈ ভাল নাপায় এইগৰাকী ৰাষ্ট্ৰপতিয়ে৷ পুটিনে এক সাক্ষাৎকাৰত কৈছিল, “মোৰ ব্যক্তিগত জীৱন আছে। মই কাকো তাত হস্তক্ষেপ কৰিবলৈ অনুমতি নিদিওঁ। আপুনি সেই জীৱনক সন্মান কৰিব লাগিব। যিসকলে তেওঁলোকৰ লেতেৰা নাক আৰু কামোদ্দীপক কল্পনাৰে আনৰ জীৱনত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে তেওঁলোকৰ প্ৰতি মোৰ সদায় নেতিবাচক প্ৰতিক্ৰিয়া থাকে।

কেৱল ৰাছিয়াতে নহয়, বহুতো দেশত পুটিনক কেৱল এজন ৰাষ্ট্ৰপতি হিচাপেই নহয়, ‘আলফামেল’ বা ‘যৌন দেৱতা’ হিচাপেও জনা যায়। পৃথিৱীৰ আন এক প্ৰভাৱশালী মানুহৰ আকৰ্ষণীয় ব্যক্তিত্বই মহিলাসকলৰ হৃদস্পন্দনৰ হাৰ বৃদ্ধি কৰে। কিন্তু পুটিনৰ হৃদয় কেৱল কাবায়েবাৰ দ্বাৰাহে ভাঙি পেলোৱা হৈছে। পুটিন আৰু কাবায়েবাৰ মাজত বয়সৰ পাৰ্থক্য ৩০ বছৰ। পুটিনৰ এতিয়াৰ বয়স ৬৯, কাবায়েবাৰ বয়স ৩৯। ২০০৮ চনৰ পৰা, পুটিন-কাবায়েবাৰ সম্পৰ্কক লৈ এক চৰ্চা চলি আছে। উক্ত বৰ্ষত ৰাছিয়াৰ দৈনিক মস্কোভস্কি সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰিছিল যে পুটিনৰ পত্নী লিউডমিলা আলেক্সাণ্ডাৰভনা অচেৰেটনায়াৰ সৈতে বিবাহ বিচ্ছেদৰ অন্যতম কাৰণ আছিল কাবায়েবা৷

এই বাতৰিটো ৰাছিয়ান চৰকাৰে কেৱল অস্বীকাৰ কৰাই নহয়, বাতৰি কাকতখনকে বন্ধ কৰি দিছিল চৰকাৰখনে। পুটিন-কাবায়েবাৰ চাৰিটা সন্তান আছে বুলি পুটিনৰ চৰ্চাকাৰীসকলে দাবী কৰি আহিছে৷ তেওঁলোকৰ সাত বছৰীয়া কন্যা সন্তানো আছে বুলিও বহুতেই ক’ব খোজে। ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ আগতেই পুটিনে কাবায়াবাক চুইজাৰলেণ্ডৰ এটা বিলাসী ঘৰলৈ পঠিয়াই দিয়াৰ বাতৰিও শেহতীয়াকৈ প্ৰকাশ পাইছে। সূত্ৰ অনুসৰি যুদ্ধৰ এই সময়ছোৱাত কাবাইবাক পুটিনৰ নিৰাপত্তাৰক্ষীৰ নিৰ্বাচিত প্ৰতিনিধিসকলে সুৰক্ষা প্ৰদান কৰি আছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme