1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2024, 9:49 pm
Trending:
ৰাজ্যসভাত প্ৰথমটো ভাষণতেই দেশবাসীৰ অন্তৰ জিনিলে সাংসদ সুধা মূৰ্তিয়ে আপোনাৰ চকুৰ বিষ বা জ্বলা-পোৰা সমস্যা হৈছে নেকি? আমলখি ব্যৱহাৰ কৰি লাভ কৰক সুফল! উক্ত তাৰিখটোৰ পৰা কেতুৱে ভাগ্য উদয় কৰিব এই তিনি ৰাশিৰ জাতক-জাতিকাক পদিনা খাইনে আপুনি? পদিনাই নাইকিয়া কৰিব আপোনাৰ শৰীৰৰ ভিন্ন সমস্যা! ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে?

কিমান টকাত আপুনি পাৰিব পাপনৰ দৰে নিউয়ৰ্কৰ টাইমছ স্কোৱেৰত নিজৰ ফটো-ভিডিঅ’ লগাবলৈ? দাম কিমান জানো আহক

  • Update Time : Friday, October 27, 2023

আপোনাৰো বাৰু মন যায় নেকি নিউয়ৰ্কৰ বিখ্যাত টাইমছ স্কোৱেৰত নিজৰ ফটো বা ভিডিঅ’ দিবলৈ। আপুনিও বিচাৰে নেকি টাইমছ স্কোৱেৰত আপোনাৰ ফটো বা ভিডিঅ’ সকলো লোকে চোৱাটো।
তেনে যদি আপোনাৰ সপোন আছে তেন্তে সেই সপোন আপুনি পূৰণ কৰিব পাৰিব। আপোনাৰ ফটো বা ভিডিঅ’ চলি থাকিব নিউয়ৰ্কৰ বিখ্যাত টাইমছ স্কোৱেৰত। তাৰ বাবে আপুনি কৰিব লাগিব মাত্ৰ কেইটামান কাম।

ইতিমধ্যেই https://timesquarebillboard.comৰ দ্বাৰা প্ৰকাশ কৰা হৈছে কিছু তথ্য। য’ত উল্লেখ কৰা হৈছে ব্যক্তিগত ফটো বা ভিডিঅ’ কেনেদৰে আপুনি টাইমছ স্কোৱেৰত দিব। তেওঁলোকে প্ৰকাশ কৰিছে যে-
“টাইমছ স্কোৱাৰ পৰ্দালৈ আপোনাক স্বাগতম, ১৫৬০ ব্ৰডৱে আপোনাৰ ফটোখন আপোনাৰ পছন্দৰ দিনটোত প্ৰতি ঘণ্টাত ১৫ ছেকেণ্ডৰ বাবে টাইমছ স্কোৱাৰলৈ স্বাগতম পৰ্দাত ৰাখক। যদি আপুনি ছবিখন ব্যক্তিগতভাৱে চাব নোৱাৰে তেন্তে তেওঁলোকৰ লাইভষ্ট্ৰিম ব্যৱহাৰ কৰিব পাৰে।”

TSX Broadway স্ক্ৰীন ১৫৬৮ ব্ৰডৱে আপোনাৰ ফটো বা ভিডিঅ’ TSX স্ক্ৰীনত ১৫ ছেকেণ্ডৰ বাবে আপলোড কৰিবলৈ TSX এপ ব্যৱহাৰ কৰিব লাগিব। যদি আপুনি ব্যক্তিগতভাৱে বিষয়বস্তু চাব নোৱাৰে তেন্তে তেওঁলোকৰ লাইভষ্ট্ৰিম ব্যৱহাৰ কৰিব পাৰে।

আপুনি আপোনাৰ ফটো বা ভিডিঅ’ যদি ১৫ ছেকেণ্ডৰ বাবে নিউয়ৰ্কৰ টাইমছ স্কোৱেৰত দিব বিচাৰে তেন্তে আপুনি আদায় দিব লাগিব ৪০ ড’লাৰ অৰ্থাৎ ভাৰতীয় মূল্যত ৩ হাজাৰ ৩২৯ টকা।

উল্লেখযোগ্য যে, নিউয়ৰ্কৰ বিখ্যাত টাইমছ স্কোৱেৰত অসমীয়াৰ গৌৰৱ দেখিবলৈ পোৱা গৈছিল কালিৰ দিনটোত৷ বিশাল ডিজিটেল হৰ্ডিঙত প্ৰদৰ্শিত কৰা হৈছিল বিহু৷ ছেলিম মাৰ্চেন্টৰ ‘BHOOMI’ শীৰ্ষক প্ৰজেক্টত গীত গাইছিল পাপনে৷ সম্প্ৰতি সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে এগৰাকী আফ্ৰিকান কণ্ঠশিল্পীৰ সৈতে পাপনে গোৱা বিহু৷ লগতে এই বিহুগীতটিত আফ্ৰিকান আৰু অসমীয়া ভাষাৰ সমন্বয় ঘটিছিল ৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme