1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 1:03 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

কিবা ডাঙৰ হ’ব নেকি? ৰাষ্ট্ৰীয় ৰাজনীতিত এয়া কিহৰ ইংগিত?

  • Update Time : Monday, October 14, 2024

চৰকাৰ গঠনৰ দুদিন পূৰ্বে অসমত নায়েব সিং চৈনীৰ উপস্থিতিক লৈ দেশৰ ৰাজনৈতিক পৰিমণ্ডলত এতিয়া ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে একেদৰে দেশৰ ৰাজনীতিত এয়া এক উল্লেখযোগ্য ঘটনা হিচাপেও পৰিগণিত হৈছে৷ কাৰণ বৰ্তমানো হাৰিয়ানাত চৰকাৰ গঠন হোৱাই নাই। হিন্দী বলয়ৰ গুৰুত্বপূৰ্ণ ৰাজ্যখনত পুনৰ গেৰুৱা শিবিৰে বাজিমাৎ মাৰিছে লগে লগে তৃতীয় বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে তৎপৰতাৰে আগবাঢ়িছে গেৰুৱা শিবিৰ৷ অহা ১৭ অক্টোবৰত হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব নায়েব সিং চৈনীয়ে৷ অৰ্থাৎ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ বাবে মাজত মাঁথো দুদিন৷ কিন্তু যিখিনি সময়ত চৰকাৰ গঠনৰ কুচকাৱাজত তৎপৰতাৰে কাম কৰিব লাগে চৈনীয়ে সেই একেইখিনি সময়ত হাৰিয়ানাৰ ভাবী মুখ্যমন্ত্ৰীগৰাকীক দেখিবলৈ পোৱা গ’ল অসমত৷ এইখিনিতেই উল্লেখ নকৰি নোৱাৰি এইবাৰ হাৰিয়ানাৰ কেইবাটাও সমষ্টিত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলাইছিল অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলোৱা হাৰিয়ানাৰ প্ৰায়বোৰ সমষ্টিতেই ইতিমধ্যে জয়ী হৈছিল বিজেপি প্ৰাৰ্থীসমূহ৷ খবৰ অনুসৰি, নিৰ্বাচনী প্ৰচাৰৰ সময়তেই দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ মাজত গঢ়ি উঠিছিল মধুৰ সম্পৰ্ক৷ ৰাজনৈতিক বিশ্লেষকসকলৰ মতে আগত দিনত হাৰিয়ানা আৰু অসমৰ অৰ্থনৈতিক সম্পৰ্ক আৰু অধিক গাঢ় হ’ব৷ আনহাতে অসমত উপস্থিত হোৱা নায়েব সিং চৈনীয়ে মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাৰ জনহিতৈষী কামসমূহক প্ৰশংসা কৰাও দেখিবলৈ পোৱা গ’ল৷ ইয়াৰ পৰা ধাৰণা কৰিব পাৰি যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰাৰ বাবেই হয়তো শপত গ্ৰহণৰ মাত্ৰ দুদিন পূৰ্বে অসমত উপস্থিত হৈছে নায়েব সিং চৈনী৷ কিন্তু যিয়েই নহওঁক অনাগত ভৱিষ্যতত নায়েব সিং চৈনী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় ৰাজনীতিত যে কিবা ডাঙৰ পৰিকল্পনা কৰিছে সেয়া এতিয়া নিশ্চিত হৈ পৰিছে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme