ভিতালী দাসৰ গীত অবিহনে যেন উৰুঙা উৰুঙা লাগে মাঘৰ বিহু। কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা বিহুগীতৰ জনপ্ৰিয় গায়িকা ভিতালী দাসক আজিও পাহৰিব পৰা নাই অসমীয়া সংগীত প্ৰিয় প্ৰতিগৰাকী অনুৰাগীয়ে। মাঘৰ বিহুত ঠায়ে ঠায়ে গুঞ্জৰিত হৈছে বিহুনাম। বিহুৰ এনে মধুৰ সময়ত এতিয়া প্ৰতিগৰাকী অসমীয়াই মনত পেলাইছে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰয়াত ভিতালী দাসক। ৯০ দশকৰ শেষৰ ফালে আৰু ২০০০ চনৰ প্ৰথম ভাগত অসমত পৰম্পৰাগত গীত সমূহৰ উত্তৰণৰ সোণালী সময় আছিল। সেই সময়ত মাঘৰ বিহুৰ সময়ত প্ৰায় ৫০, ১০০ খন বিহুগীতৰ দৃশ্য শ্ৰব্য কেচেট বজাৰলৈ আহিছিল। আৰু বেছিভাগেই ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল। সেইসময়ত প্ৰায় প্ৰতিখন বিহুসুৰীয়া গীতৰ কেছেটত কণ্ঠ নিগৰোৱা মহিলা কণ্ঠশিল্পীসকলৰ ভিতৰত অন্যতম আছিল ভিতালী দাস। জোনবাই জুবিন গাৰ্গৰ লগতেই প্ৰায় ৩০০০ গীতত কণ্ঠদান কৰিছে ভিতালীয়ে। কেৱল জুবিন গাৰ্গেই নহয়, সেইসময়ত জনপ্ৰিয়তাৰ শীৰ্ষত থকা কৃষ্ণমণি নাথ, অনুপম শইকীয়া, মৌচুম গগৈ, কৃষ্ণমণি চুতীয়াৰ সৈতেও বহু জনপ্ৰিয় গীত উপহাৰ দি থৈ গৈছে ভিতালী দাসে। জানমণি, অঞ্জনা, ৰাংঢালী, বগীতৰা, মৰমজান আদিৰ দৰে প্ৰতিখন জনপ্ৰিয় বিহুগীতৰ কেছেটতে কণ্ঠ নিগৰোৱা ভিতালী দাসৰ কণ্ঠৰ বিহুসূৰীয়া গীতসমূহৰ মাঘৰ উৰুকা নিশা, ভোগালীৰ খেল ধেমালিত আজিও বজোৱা হয় উচ্চ স্বৰত। বাতি ভৰাই চিৰা খাবি, তেতেলী পতীয়া চিৰা খোৱাইছিলা, মই নজনাকে, মৰমত মাতিছো, জোনবাই এ বেজী এটি দিয়া, হাতীয়ে পানী খায়,
নদী বাঢ়িলে ঐ, ফুল ফুলিছে বসন্তৰ, নুসুধিবা তোমালৈ মোৰ, কিনো চাৱনিৰে চালা মোক ঐ আদি বিহুসূৰীয়া গীতসমূহ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ জনপ্ৰিয়। ভোগালী বিহুত যেন ভিতালী দাসৰ কণ্ঠ নুশুনিলে
যেন আধৰুৱা ভোগালীৰ ৰং। সেয়ে ভোগালীতো ভিতালী দাসলৈ মনত পৰিছে অগণিত সংগীত অনুৰাগীৰ