1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 2:08 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

কিছু সৰু সৰু অভ্যাসৰ বাবে পুৱা সোনকালে শুই উঠিব নোৱাৰে গতিকে সলনি কৰক অভ্যাসসমূহ!

  • Update Time : Wednesday, June 12, 2024

বেছিভাগ মানুহে ৰাতি শুৱাৰ আগত এই কথা ভাবি শুৱে যে তেওঁ পিছদিনা ৰাতিপুৱা সোনকালে উঠিব। তেওঁ ৰাতিপুৱা এলাৰ্ম ঠিকেই দিয়ে কিন্তু বহুত প্ৰচেষ্টাৰ পিছতো উঠিব নোৱাৰে। ৰাতিপুৱা উঠিবলৈ এলাহ ভাব হয় কিয়নো দেখা যায় যে যি সময়ত উঠিব বিছাৰে সেই সময়ত বেছিভাগ লোকৰ বহুত বেছি টোপনি আহে। গতিকে আপুনিও যদি ৰাতিপুৱা সোনকালে উঠিব বুলি ভাবি ৰাতি শুৱা পিছত ৰাতিপুৱা উঠিব নোৱাৰে তেন্তে আপুনি কিছুমান সহজ পদ্ধতি গ্ৰহণ কৰিব পাৰে। আহক জানি লওঁ কেনেধৰণৰ পদ্ধতি গ্ৰহণ কৰিলে ৰাতিপুৱা সোনকালে শুই উঠিব পাৰিব.

. যদি আপুনি নিশা ফোনত অধিক সময় অতিবাহিত কৰে তেন্তে যিমান সম্ভৱ সোনকালে আপোনাৰ এই অভ্যাস সলনি কৰক। ই আপোনাক যথেষ্ট সময় নষ্ট কৰে আৰু যেতিয়া আপুনি পলমকৈ ৰাতি শুৱে তেতিয়া সোনকালে উঠাটো কঠিন হৈ পৰে, কিয়নো আপোনাৰ টোপনি সম্পূৰ্ণ নহয়।
. বহুতলোকে ৰাতিপুৱা সাৰ পাবলৈ এলাৰ্ম ঘড়ী ব্যৱহাৰ কৰে। কিন্তু তেওঁলোকে বাৰে বাৰে এলাৰ্ম বন্ধ কৰি পুনৰ শুই পৰে। সেয়েহে আপোনাৰ এলাৰ্ম ঘড়ীটো নিজৰ পৰা আঁতৰত ৰাখিবলৈ চেষ্টা কৰক যাতে এলাৰ্ম নবজোৱাকৈ আপুনি নিজে শুই উঠিব পাৰে।
. সময়মতে ৰাতিৰ আহাৰ গ্ৰহণ কৰিব লাগে। বহু সময়ত দেখা যায় যে বহুতলোকে বহু পলমকৈ, কেতিয়াবা আকৌ বহুত সোনকালে খাদ্য গ্ৰহণ কৰে, কিন্তু ই আপোনাৰ স্বাস্থ্য আৰু টোপনিৰ বাবে একেবাৰে ভাল নহয়। সময়মতে খাদ্য গ্ৰহণ কৰক আৰু শুৱাৰ কমেও দুঘণ্টা আগতে খাব আৰু মনত ৰাখিব যে আপুনি ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পিছত চাহ বা কফি গ্ৰহণ নকৰিব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme