1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
June 29, 2024, 9:35 am

কাৰ বাবে অৱশেষত স্থগিত কৰিলে কৃষক আন্দোলন

  • Update Time : Monday, February 19, 2024

চাৰিবছৰৰ বিৰতিৰ অন্তত পুনৰ কৃষকসকল নামিছে বিদ্ৰোহত। তেওঁলোকে শস্যৰ নূন্যতম সমৰ্থন মূল্যৰ (এম এছ পি) আইনী নিশ্চয়তা দাবী কৰে, যাৰ বাবে কৃষকসকলে দিল্লী চলো অভিযানৰ আহ্বান দিছিল। ইপিনে অস্থিৰতা প্ৰশমনৰ বাবে কেন্দ্ৰই কৃষকৰ সৈতে আলোচনাত মিলিত হৈছে। দেওবাৰে কেন্দ্ৰৰ কৃষকসকলৰ সৈতে চতুৰ্থ ৰাউণ্ডৰ বৈঠক অনুষ্ঠিত হয়। জানিব পৰা মতে কেন্দ্ৰই এম এছ পি সন্দৰ্ভত এটা প্ৰস্তাৱ আগবঢ়াইছে। কৃষকসকলে প্ৰস্তাৱটো পঢ়ি চাই নিজৰ মাজতে আলোচনা কৰিবলৈ কিছু সময় বিচাৰিছে। সেইসূত্ৰে দিল্লী চলো অভিযান স্থগিত ৰখাৰ কথা জানিবলৈ দিছে। আন্দোলনকাৰীৰ সৈতে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱাল, কৃষি ৰাজ্য মন্ত্ৰী অৰ্জুন মুণ্ডা আৰু গৃহ পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে আলোচনাত মিলিত হয়। এই বৈঠকত কৃষকৰ হৈ পঞ্জাৱৰ মুখ্যমন্ত্রী ভগৱন্ত মানো উপস্থিত আছিল৷ বৈঠকৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে পাঁচ বছৰ ধৰি কেন্দ্ৰই চৰকাৰী প্ৰতিষ্ঠানৰ জৰিয়তে নূন্যতম সমৰ্থন মূল্যত দালি, কুঁহিয়াৰ আৰু কপাহৰ শস্য ক্ৰয় কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme