1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 10:50 am
Trending:
আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে!

‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে?

  • Update Time : Sunday, June 30, 2024

প্ৰভাসৰ উপৰিও অমিতাভ বচ্চন, দীপিকা পাডুকন, কমল হাছান আৰু দিশা পাটানিয়েও ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা কল্কি ছবিখনত সকলোৰে অভিনয়ৰ শলাগ লোৱা হৈছে। ভাৰতীয় বক্স অফিচত ২০০ কোটিৰো অধিক উপাৰ্জন কৰা ছবিখনে দেওবাৰেও বৃহৎ ব্যৱসায় কৰিব বুলি আশা কৰা হৈছে। এক প্ৰতিবেদন অনুসৰি ‘কল্কি’ ছবিখনে শনিবাৰে হিন্দী, তামিল, তেলেগু, মালয়ালম আৰু কানাড়া ভাষাত ৬৭.১ কোটি টকা সংগ্ৰহ কৰে। এইদৰে ‘কল্কি ছবিখনে ভাৰতত মাত্ৰ ৩ দিনতে ২২০ কোটি টকা সংগ্ৰহ কৰিছে। ছবিখনে মুকলিৰ দিনা ৯৫ কোটি টকা আৰু দ্বিতীয় দিনা ৫৪ কোটিৰো অধিক ধন সংগ্ৰহ কৰে। প্ৰতিবেদন অনুসৰি তেলেগু ভাষাত সৰ্বাধিক সংগ্ৰহ ‘কলকী ২৮৯৮ খ্ৰীষ্টাব্দ’। ছবিখনে তেলেগু ভাষাত ১২৬.৯ কোটি টকা উপাৰ্জন কৰাৰ বিপৰীতে হিন্দী ভাষাত ৭২.৫ কোটি টকা উপাৰ্জন কৰিছে। ছবিখনে মুকলিৰ দিনটোতেই অভিলেখ ভংগ কৰিছিল। প্ৰথম দিনাই গ্লোবেল বক্স অফিচত ১৯১ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ‘কল্কি’।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme