1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 1:31 am

কলেজীয়া ছাত্ৰীসকললৈ বিশেষ অফাৰ, বিশেষ এটা কাম কৰিলেই লাভ কৰিব ৮০ হাজাৰ টকা

  • Update Time : Friday, January 10, 2025

ভাৰত জনসংখ্যা বৃদ্ধিয়ে অশান্তি দিছে, আনহাতে বিশ্বৰ কিছুমান দেশত জন্মৰ হাৰ হ্ৰাস পোৱাৰ বাবে দেশখনৰ ভৱিষ্যত বিপদত পৰিছে। এই দেশসমূহে নাগৰিকসকলক সন্তান জন্ম দিয়াৰ বাবে বিভিন্ন ধৰণৰ লালসা দি আহিছে। জনসংখ্যা বৃদ্ধিৰ বাবে ৰাছিয়াই লৈছে এক অদ্ভুত আঁচনি ঘোষণা কৰিছে।

ৰাছিয়াৰ কাৰেলিয়াত স্থানীয় প্ৰশাসনে ছাত্ৰীসকলক সন্তান জন্ম দিয়াৰ বাবে বুজন পৰিমাণৰ ধন আগবঢ়াইছে। ২৫ বছৰৰ তলৰ কলেজ-বিশ্ববিদ্যালয়ৰ ছাত্ৰীয়ে যদি এটা সুস্থ সন্তান জন্ম দিয়ে তেন্তে তেওঁলোকক এক লাখ ৰুবল (প্ৰায় ৮১ হাজাৰ টকা) দিয়া হ’ব।

‘দ্য মস্কো টাইমছ’ৰ প্রতিবেদনত প্রকাশ কৰা অনুসৰি দেশখনৰ জন্মৰ হাৰ কমি অহাৰ বাবে এই নীতি ৰূপায়ণ কৰা হৈছে৷ এই আঁচনি ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছে। যদি সন্তানটো মৃত জন্ম হয়, তেন্তে আঁচনিখনত উল্লেখ কৰা ধন যুৱতীগৰাকীয়ে নাপাব।

উল্লেখযোগ্য যে,
২০২৪ চনৰ প্ৰথম ৬ মাহত ৰাছিয়াত মাত্ৰ ৫,৯৯,৬০০ শিশুৰ জন্ম হৈছিল, যিটো যোৱা ২৫ বছৰৰ ভিতৰত সৰ্বনিম্ন। জুন মাহত জন্মৰ হাৰ ঐতিহাসিকভাৱে এক লাখৰ তললৈ নামি আহিছিল।

ফৰ্চুনৰ এক প্ৰতিবেদন অনুসৰি ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্ৰী পেস্কোভে জুলাই মাহত কৈছিল যে এইটো দেশখনৰ ভৱিষ্যতৰ বাবে বিপৰ্যয়জনক। ১৯৯০ চনৰ পৰা ৰাছিয়াৰ জনসংখ্যা হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল। এনেদৰে পৰিস্থিতি অব্যাহত থাকিলে ৰাছিয়াত জনসংখ্যা হ্ৰাসৰ ভয়াৱহ সমস্যাৰ সৃষ্টি হ’ব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme