পোহৰলৈ আহিছে মহাৰাষ্ট্ৰৰ পুনেৰ পৰা এক চাঞ্চল্যকৰ ঘটনা। য’ত ঘৰতে গৰ্ভপাত কৰি ২৪ বছৰীয়া এগৰাকী মহিলাৰ মৃত্যু হয়। ঘটনাৰ পিছতে আৰক্ষীয়ে গোচৰটোত ব্যৱস্থা গ্ৰহণ কৰি মৃত মহিলাগৰাকীৰ স্বামী আৰু শহুৰেকক গ্ৰেপ্তাৰ কৰে। ইয়াৰ লগতে শাহুৱেকৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে।
তদন্তৰ সময়ত আৰক্ষীয়ে গম পায় যে মহিলাগৰাকীয়ে কিছুদিন পূৰ্বে ঘৰতে গৰ্ভপাত কৰিছিল যাৰ বাবে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে আৰু তেওঁৰ মৃত্যু হয়। আৰক্ষীৰ তদন্তৰ সময়ত এই কথাও পোহৰলৈ আহিছে যে মহিলাগৰাকীৰ গৰ্ভপাতৰ পিছত পৰিয়ালটোৱে চাৰি মহীয়া ভ্ৰুণটোক খোদ পথাৰতে পুতি থৈছিল।
মৃত মহিলাগৰাকীৰ বিয়া হৈছিল ২০১৭ চনত। তেওঁৰ দুটা সন্তান আছে, এজন ল’ৰা আৰু এজনী ছোৱালী। আৰক্ষীয়ে সন্দেহ কৰিছে যে যেতিয়া পৰিয়ালটোৱে ভ্ৰুণটো ছোৱালী বুলি গম পাইছিল তেতিয়া তেওঁলোকে মহিলাগৰাকীক ঘৰতে গৰ্ভপাত কৰাইছিল। গৰ্ভপাত কৰিবলৈ ব্যক্তিগত চিকিৎসককো মাতি অনা হৈছিল। এতিয়া আৰক্ষীয়ে সেই ব্যক্তিগত চিকিৎসকজনকো বিচাৰিছে আৰু জেৰা কৰিবলৈ ওলাইছে।
ইন্দাপুৰ আৰক্ষী থানাৰ এজন বিষয়াই জনোৱা মতে, দেওবাৰে প্ৰচণ্ড ৰক্তক্ষৰণৰ বাবে মহিলাগৰাকীৰ অৱস্থাৰ অৱনতি ঘটে। ইয়াৰ পিছত পিছদিনা পৰিয়ালৰ লোকে তাইক চিকিৎসালয়লৈ লৈ গৈ আছিল যদিও বাটতে মহিলাগৰাকীৰ মৃত্যু হয়।
মৃত মহিলা গৰাকীৰ ভাতৃয়ে অভিযোগ দাখিল কৰা মৰ্মে
মহিলাগৰাকীৰ স্বামী আৰু শহুৰেকক গ্ৰেপ্তাৰ কৰা হৈছে। ভ্ৰুণটোক পথাৰৰ পৰা উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ইন্দাপুৰ থানাত বিএনএছৰ ৯১, ৯০ আৰু ৮৫ ধাৰাত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু বিষয়টোৰ ওপৰত অধিক তদন্ত অব্যাহত আছে।