সমস্ত যন্ত্ৰণা মনত পুহি ৰাখিলে শৰীৰত নানা ৰোগে বাহ লয়৷ কথাই কথাই কান্দি দিয়া মানুহক সকলোৱে দুৰ্বল বুলি ভাৱে কিন্তু প্ৰকৃততে সেয়া নহয়৷ কন্দা হল এক আৱেগ৷ কান্দিলে মনটো পাতল হৈ পৰে৷ হাজাৰ কষ্ট, দুখ মনত লৈ জীয়াই থকাতকৈ আপুনি অলপ কান্দিব যদি পাৰিছে তেন্তে সেয়া সকলোৰে বাবে ভাল৷ বেছিকৈ কন্দা মানুহবোৰৰ ইমশ্য’নেল কোচেন্ট তুলনামূলকভাৱে বেছি হয়৷ কাৰণ এওঁলোকে নিজৰ ভিতৰত কি চলিছে সেয়া প্ৰকাশ কৰিব পাৰে৷ প্ৰয়োজনত যিদৰে কথা নোকোৱাকৈ থাকিব পাৰে তেনেকৈ আকৌ প্ৰয়োজনত মনে মিলা মানুহৰ ওচৰত মনত খুন্দিয়াই থকা কথাবোৰ খুলি ক’বও পাৰে৷ যিসকলে অলপতে কান্দিব পাৰে তেওঁলোকৰ জীৱনৰ পৰা ষ্ট্ৰেচ বহু পৰিমাণে কমি আহে৷ বৰং নকন্দাকৈ থাকিলে বহু কষ্ট হেচাঁ মাৰি ধৰি থাকিলে বহু অসুখে বাহ লব পাৰে৷
মনত বহু আৱেগ থকা, আনৰ দুখ বুজিব পৰা লোকৰহে হঠাতে চকুপানি ওলায়৷ গতিকে মনত কষ্ট পালে সেয়ে কান্দিব লাগে, যাতে মনৰ পৰা দুখবোৰ নাইকিয়া হয় আৰু কষ্টবোৰ লাহেকৈ কমি আহে৷