1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 17, 2025, 9:52 pm
Trending:
ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা মহাকাশৰ পৰা পৃথিৱীলৈ সুকলমে উভটি আহিল। এই অভিযানত ইছৰোৱে কোটি কোটি টকা ব্যয় কৰিছে। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে ইয়াৰ বাবে মহাকাশচাৰী শুভাংশু শুক্লাই কিমান পালে ধন? প্ৰতিকূল বতৰৰ মাজকো অব্যাহত অমৰনাথ যাত্ৰা, দৰ্শনাৰ্থীসকলৰ বাবে প্ৰশাসনৰ তৰফৰ জাৰি বিশেষ সতৰ্কবাণী আপুনি বাৰু জানেনে পৃথিৱীত এনে কিছুমান ঠাই আছে যিসমূহ পৰ্যটকৰ বাবে সম্পূৰ্ণ নিষিদ্ধ, জানি লওঁক সবিশেষ কংগ্ৰেছত SPY কোন? কংগ্ৰেছৰ ভিতৰৰ অতি গোপন খবৰ কিদৰে লাভ কৰে CM হিমন্তই? Acesse Sua Conta E A Tela De Registro Site Oficial De Cassino Online Electronic Apostas No Brasil Pinco yeni adresi və güncel giriş linki. Sayta məhdudiyyətsiz daxil olmaq üçün aktiv keçidi öyrənin, hesabınıza giriş edərək oyunlarınıza davam edin. Site Oficial De Cassino Online Electronic Apostas No Brasil Acesse Sua Conta E A Tela De Registro আধাৰ কাৰ্ড পুনৰ সক্ৰিয় কৰাৰ সিদ্ধান্ত লৈছে ভাৰতীয় ইউনিক আইডেন্টিফিকেশন অথৰিটিয়ে

কংগ্ৰেছত SPY কোন? কংগ্ৰেছৰ ভিতৰৰ অতি গোপন খবৰ কিদৰে লাভ কৰে CM হিমন্তই?

  • Update Time : Wednesday, July 16, 2025

কাৰেণ্ট ট্ৰেণ্ড অসম ডেস্ক, ১৬ জুলাই, গুৱাহাটীঃ অসমত উপস্থিত হৈছে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকার্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী। অসম প্ৰদেশ কংগ্ৰেছৰ কর্মীসভা আৰু সতীৰ্থ সন্মিলনত অংশ ল’বলৈ অসমলৈ আহিছে ৰাহুল গান্ধী আৰু মল্লিকার্জুন খাৰ্গে৷ গুৱাহাটীত উপস্থিত হোৱা ৰাহুল গান্ধীয়ে বন্ধ কোঠালীত প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰে এক বৈঠকত মিলিত হৈছিল৷ কিন্তু তাৎপৰ্য্যপূৰ্ণ ভাৱে বন্ধ কোঠালিত আলোচনা হোৱা সমস্ত বিষয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গম পাই৷ চ’ছিয়েল মিডিয়াত এটা বিশেষ প’ষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প’ষ্টটোত লিখিছে-

‘লিখি লওক, হিমন্ত বিশ্ব শর্মাক নিশ্চিতকৈ জেললৈ পঠাম’— ঠিক এই বাক্যশাৰীয়েই বিৰোধী দলপতি শ্রীৰাহুল গান্ধীয়ে অসমত কংগ্রেছৰ ৰাজনৈতিক বিষয় সম্পর্কীয় গোপন ৰুদ্ধদ্বাৰ বৈঠকত কৈছে। তেওঁ মাত্র এই কথাটোকে ক’ম বুলি অসমলৈ আহিছে যদিও দুর্ভাগ্যবশত: নেতাগৰাকীয়ে পাহৰিয়েই গ’ল যে গোটেই দেশতে বিভিন্ন গোচৰত অভিযুক্ত হৈ তেওঁ নিজে বর্তমান জামিনতহে মুকলি হৈ আছে।
তেওঁলৈ মোৰ শুভকামনা। দিনজোৰাকৈ অসমৰ আতিথ্য উপভোগ কৰক৷’’

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পোষ্ট

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চ’ছিয়েল মিডিয়াত এই তথ্য সদৰি কৰাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক মহলত জোকাৰণিৰ সৃষ্টি হৈছে৷ স্বাভাৱিকতে এই তথ্যৰ পৰা এয়াও স্পষ্ট হৈছে কংগ্ৰেছৰ ভিতৰচ’ৰাত এতিয়াও শক্তিশালী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শুভাকাঙ্ক্ষী৷ কংগ্ৰেছ ভিতৰত হোৱা আলোচনা, সিদ্ধান্ত বা কোনো কংগ্ৰেছ নেতাই কৰা বিশেষ বিশেষ মন্তব্য পোনপটীয়াকৈ মুখ্যমন্ত্ৰীয়ে লাভ কৰি আহিছে৷ বিগত সময়ছোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেও এই কথা ৰাজহুৱাভাৱে দাবী কৰি আহিছে৷ বুধবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে কংগ্ৰেছৰ ভিতৰচৰাৰ অতি গোপন খবৰ ৰাজহুৱা কৰাৰ লগে লগে এটা কথা স্পষ্ট হৈছে৷ সেয়া হ’ল কংগ্ৰেছৰ অভ্যন্তৰীণ সংহতিৰ বৰ্তমানো পয়ালগা অৱস্থা৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme