1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 5:21 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

ওজন হ্ৰাস কৰা ঔষধে চৰ্বিৰ লগতে কমাব পাৰে মাংসপেশীৰ ভৰো

  • Update Time : Monday, October 28, 2024

মেদবহুলতা হ্ৰাস কৰাটো এতিয়া কঠিন কাম নহয়। এতিয়া আপুনিও ঔষধ খাব পাৰে যাতে চৰ্বিৰ পৰা মুক্তি পায়। কিন্তু ই কিমান নিৰাপদ সেই কথা শেহতীয়া এক অধ্যয়নত প্ৰকাশ পাইছে।
স্বাভাৱিকভাৱে ওজন কমাবলৈ সহজ নহয়, ইয়াৰ বাবে বহু সময় লাগিব পাৰে। এনে পৰিস্থিতিত ওজন কমাব পৰা ঔষধৰ ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। কিন্তু শেহতীয়াকৈ ‘দ্য লেন্সেট’ত প্ৰকাশিত এক অধ্যয়নত আমেৰিকা আৰু কানাডাৰ গৱেষকসকলে কৈছে যে ঔষধৰ সহায়ত ওজন কমালে পেশীৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে।
এই অধ্যয়নত জিএলপি-১ ৰিচেপ্টৰ এগ’নিষ্টৰ ব্যৱহাৰৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে। পেনিংটন বায়’মেডিকেল ৰিচাৰ্চ চেণ্টাৰ আৰু কানাডাৰ আলবাৰ্টা আৰু মেকমাষ্টাৰ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে ৰিপ’ৰ্ট কৰিছে যে ৩৬ৰ পৰা ৭২ সপ্তাহৰ ভিতৰত মুঠ পেশীৰ ভৰৰ ২৫ৰ পৰা ৩৯ শতাংশ হেৰুৱাব পাৰে।

পেশীৰ ভৰ কমি গ’লে কি হয়?

পেশীৰ ভৰ হ্ৰাসে কেৱল শাৰীৰিক শক্তি আৰু কৰ্মক্ষমনত প্ৰভাৱ পেলোৱাই নহয়, বিপাকীয় স্বাস্থ্য আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰতো নেতিবাচক প্ৰভাৱ পেলায়।

এই গুৰুতৰ ৰোগৰ আশংকাও বৃদ্ধি পায়

এই ঔষধবোৰে মেদবহুলতাৰ চিকিৎসাত ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে যদিও ইয়াৰ ফলত ডায়েবেটিছ, উচ্চ ৰক্তচাপ আৰু কেন্সাৰ আদি স্বাস্থ্যজনিত সমস্যাৰ আশংকাও থাকে। কেৱল এয়াই নহয়, ইয়াৰ ব্যৱহাৰে পেশীৰ ক্ষতিও কৰে।

মৃত্যুও হ’ব পাৰে!

গৱেষকসকলে কয় যে মেদবহুলতাত আক্ৰান্ত লোকৰ পেশীৰ ভৰৰ অভাৱৰ বাবে চাৰ্কোপেনিক মেদবহুলতা বৃদ্ধি পাব পাৰে। এই অৱস্থাত পেশীৰ দুৰ্বলতাৰ লগতে অতিৰিক্ত ওজন হয়, যাৰ ফলত হৃদৰোগ আৰু মৃত্যুৰ হাৰ বৃদ্ধি পাব পাৰে।

এই কথা মনত ৰাখিব

গৱেষকসকলে পৰামৰ্শ দিছিল যে ঔষধৰ লগতে ওজন কমোৱাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ প্ৰটিন সেৱন আৰু নিয়মীয়া ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিব লাগে। ইয়াৰ দ্বাৰা কেৱল ওজন কমাব পৰাই নহয়, পেশীৰ ভৰ বজাই ৰখাতো সহায়ক হ’ব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme