প্লাষ্টিকে আমাৰ জীৱনত ইমানেই প্ৰভাৱ পেলাইছে যে প্লাষ্টিক অবিহনে আজিৰ পৃথিৱীখন কল্পনাই কৰিব নোৱাৰি ৷ মানুহ প্লাষ্টিকৰ ওপৰত ইমানেই নিৰ্ভৰশীল যে খোৱাপানীৰ বটলৰ পৰা আৰম্ভ কৰি খাদ্য ৰখা টিফিন বাকচটো আৰু প্ৰয়োজনীয় সকলো বস্তুতে প্লাষ্টিক ব্যৱহাৰ কৰি আছে ৷ প্লাষ্টিকৰ বটলটোত থকা জুইচ বা ক’ল্ড ড্ৰিংক খাই বহুলোকে তাক পেলাই নিদি আকৌ ব্যৱহাৰ কৰে ৷ প্লাষ্টিকৰ ব্যৱহাৰ মানৱ শৰীৰৰ বাবে কিমান ক্ষতিকাৰক আপুনি জানেনে?
. কেন্সাৰৰ দৰে বিপদজনক ৰোগৰ সৃষ্টি কৰে ৷
. প্লাষ্টিকত থকা ৰাসায়নিক পদাৰ্থৰ বাবে মহিলাৰ ক্ষেত্ৰতো ডিম্বাশয় সম্পৰ্কীয় ৰোগ, স্তন কেন্সাৰ, কলন কেন্সাৰ, প্ৰষ্টেট কেন্সাৰৰ দৰে সমস্যাৰ সৃষ্টি হয় ৷
. ডায়েবেটিছ আৰু হৃদযন্ত্ৰৰ বাবে হ’ব পাৰে বিপদ ৷