বিবাহ এক সামাজিক বান্ধোন। সামাজিকভাৱে বিবাহৰ যোগেদিহে এজন পুৰুষ আৰু এগৰাকী নাৰীৰ মাজত সম্পৰ্ক স্থাপন হয়। প্ৰত্যেকেই নিজৰ বিয়াখনক লৈ সপোন দেখে৷ বিয়াৰ পিছত কেৱল স্বামী-স্ত্ৰীৰ সম্পৰ্কই নহয়, দুখন ঘৰৰ মাজত, দুটা পৰিয়ালৰ মাজত গঢ়ি উঠে।
বৰ্তমান সময়চোৱাত প্ৰায় সকলোৰে মাজত প্ৰেম বিবাহ হোৱা দেখিবলৈ পোৱা যায়। কিছুসংখ্যক লোকৰহে এৰেঞ্জ মেৰেহ হোৱা দেখিবলৈ পোৱা যায়। যদিহে আপুনিও এৰেঞ্জ মেৰেজ কৰিব বুলি ভাবিছে তেন্তে কেইটামান কথা আপুনি মনত ৰখাৰ প্ৰয়োজন।
যদিহে প্ৰেম বিবাহ নহয়, বা স্বামী-স্ত্ৰী দুয়ো দুয়োৰে বাবে অচিনাকী হয়, তেন্তে বিয়াৰ পিছতে কিছুমান কাম নকৰিব৷ অন্যথা আপোনাৰ সম্পৰ্কৰ মাজত মেলিব পাৰে ফাটঁ৷
যিহেতু বিয়াৰ সময়ত স্বামী স্ত্ৰী দুয়ো দুয়োৰে বাবে অচিনাকী, তেনেস্থলত দুয়ো দুয়োকে বুজিবলৈ সময় লাগে৷ দুয়োৱে দুয়োৰে বিষয়ে এই সময়চোৱাত জনাটো প্ৰয়োজনীয় যদিও প্ৰথম দিনাই আপোনাৰ অতীতৰ কথা পাতিব নালাগে এনে কৰিলে আপোনাৰ সংগীজনে বিৰক্তি পাব পাৰে৷ এনে সময়ত আপোনাৰ সংগীৰ সন্মুখত আপোনাৰ অতীতৰ সংগীৰ কথা নকব বা প্ৰশংসা নকৰিব৷ তেনেস্থলত বিয়াৰ প্ৰথম নিশাই হ’ব পাৰে কাজিয়া৷ বিয়াৰ পিছত দুয়োৱে দুয়োকে সন্মান কৰিব লাগে৷ স্বামী-স্ত্ৰীৰ মাজত পাৰস্পৰিক বুজাপৰা থাকিব লাগে৷ বিয়াৰ পাছত অতীতক পাহৰাই শ্ৰেয়৷ কাৰণ অতীতৰ বাবে বহু সম্পৰ্ক ধ্বংস হোৱা দেখা যায়৷ বিয়াৰ পিছত দুয়ো দুয়োকে গুৰুত্ব দিব লাগে৷ ইজনে আনজনৰ য’ত্ন লব লাগে৷ স্বামী-স্ত্ৰী দুয়োৱে দুয়োৰে পৰিয়ালক লৈ এনে একো কথা ক’ব নালাগে, যাৰ বাবে আপোনাৰ আৰু সংগীৰ মাজত কাজিয়া হ’ব পাৰে, আৰু সম্পৰ্কত দূৰত্ব আহি পৰিব পাৰে৷