1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 1:04 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

এনেদৰে কিমান দিন জীয়াই থাকিব ‘অসম’!

  • Update Time : Monday, October 21, 2024

বিহালীক লৈ চৰম অস্বস্তিত অসম সন্মিলিত মৰ্চা। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বিহালীত পৰাজয়ৰ অভিলেখ ৰচা বাওঁপন্থী প্রার্থী বিবেক দাসৰ পৰিৱৰ্তে অসম সন্মিলিত মৰ্চাৰ অংশীদাৰ আন বিৰোধী দলৰ শক্তিশালী প্রার্থীৰ জৰিয়তে বিহালীৰ নিৰ্বাচনী যুঁজত অৱৰ্তীণ হ’ব বিচৰা বিষয়টো বৰ্তমান ৰাজ্যৰ ৰাজনৈতিক পৰিমণ্ডলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ২০২৬ চনৰ বিধানসভা নির্বাচনলৈ মাজত মাঁথো ডেৰটা বছৰ থকাত পৰাজয়ৰ নিশ্চিত সম্ভাৱনা থকা দুৰ্বল প্ৰাৰ্থীৰ জৰিয়তে বিহালীৰ নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈ বিনাযুদ্ধে যেন কংগ্ৰেছে সমষ্টিটো এৰি দিব বিচৰা নাই বিজেপিক। সেইবাবে সাংসদ অজিত কুমাৰ ভূঞা, অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ, জন ইংতি কাথাৰ, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, – চি পি আই এমৰ সুপ্রকাশ তালুকদাৰক লৈ গঠিত পাঁচজনীয়া সমিতিয়ে বিহালীৰ প্রার্থিত্ব চি পি আই (এম এল) ৰ বিবেক দাসকে আকৌ এৰি দিয়াৰ প্ৰস্তাৱেৰে প্রতিবেদন দাখিল কৰিলেও এই প্রতিবেদন পুনৰ বিবেচনাৰ বাবে অনুৰোধ জনাইছে AICC-ৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙে। বিধায়ক অখিল গগৈৰ জৰিয়তে AICC-ৰ সাধাৰণ সম্পাদকগৰাকীয়ে বিহালী সমষ্টি CPI (ML)ৰ বিবেক দাসক এৰি সমষ্টিটো বিনাযুদ্ধে বিজেপিক উপহাৰ দিয়াৰ পৰিবৰ্তে অসম সন্মিলিত মৰ্চাৰ অন্তৰ্গত আন ৰাজনৈতিক দলৰ শক্তিশালী প্রার্থীক প্রার্থিত্ব প্রদানৰ প্ৰস্তাৱ দিছে। কিন্তু এইক্ষেত্ৰত আকৌ আঁকোৰগোজ স্থিতি গ্ৰহণ কৰিছে ১৯৯৬ চনৰ পৰা বিগত ২৮ বছৰত ৮ টা নিৰ্বাচনত ধাৰাবাহিকভাৱে পৰাজয়ৰ অভিলেখ ৰচা CPI (ML) ৰ বিবেক দাসে কোনোপধ্যেই নিৰ্বাচনী প্রতিদ্বন্দ্বিতাৰ পৰা আঁতৰি আহিব বিচৰা নাই বিবেক দাস। বিহালী সমষ্টিত একপ্ৰকাৰ গণভিত্তিশূন্য CPI (ML)কে ধৰি বাওঁপন্থী দলসমূহ। আনকি সমষ্টিটোত শিপাহীন অসম সন্মিলিত মৰ্চাৰ অন্তৰ্গত আঞ্চলিক দল অথবা আঞ্চলিকতাবাদী নেতাকেইজন। উল্লেখ্য যে ২০২৬ চন পর্যন্ত বিৰোধী মিত্রজোটক ঐক্যবদ্ধ আৰু শক্তিশালী কৰি ৰখাৰ স্বাৰ্থতেই বিহালীৰ প্রার্থিত্ব CPI (ML)ক এৰি দিয়াৰ যুক্তি দর্শাইছে অসম সম্মিলিত মর্চাই। কিন্তু বিহালীৰ উপ-নির্বাচনত দুর্বল বাওঁপন্থী প্রার্থী প্ৰক্ষেপৰ জৰিয়তে নিশ্চিত পৰাজয় আহৰণেৰে ২০২৬ চনৰ বিধানসভা নির্বাচনলৈ বিৰোধী মিত্রজোট কেনেকৈ শক্তিশালী হ’ব? এয়া এক অবুজ সাঁথৰ হৈ পৰিছে সাধাৰণ জনতাৰ বাবে। ২০২৪ চনৰ লোকসভা নির্বাচনত অশেষ বুজনি আৰু কাকূতি-মিনতিৰ পিচতো বৰপেটা লোকসভা সমষ্টিত বিজেপি মিত্রজোঁটক পৰাজিত কৰাৰ উমৈহতীয়া স্বাৰ্থত প্রতিদ্বন্দ্বিতাৰ পৰা আঁতৰি অহা নাছিল বাওঁপন্থী দল CPM-ৰ মনোৰঞ্জন তালুকদাৰ। ফলত বাওঁপন্থী প্রার্থীগৰাকী আৰু কংগ্ৰেছৰ দীপ বায়নৰ মাজত বিৰোধীৰ ভোট বিভাজন হোৱাৰ সুযোগ লৈ অনায়াসে বৰপেটা লোকসভা সমষ্টি দখল কৰিবলৈ সক্ষম হৈছিল বিজেপি- অগপ মিত্রজোঁটৰ প্রার্থীগৰাকী। আনহাতে বিহালীৰ এই সমগ্ৰ বিষয়ক লৈ ৰহস্যময় স্থিতি লৈছে প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে বিগত কেইবা দশকজুৰি বিহালীত অনুষ্ঠিত নির্বাচনত কেতিয়াবা বিজয় বা আন কোনোবাটো নির্বাচনত দ্বিতীয় স্থান লাভ কৰা কংগ্ৰেছৰ প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা কৰাটো বিচাৰিছে। এইক্ষেত্রত চৰ্চালৈ আহিছে নির্দলীয় প্রার্থী হিচাপে ২০২১ চনৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰি ২৩,৭৪৪ টা ভোট লাভেৰে বিহালীত দ্বিতীয় স্থান পোৱা জয়ন্ত বৰাৰ নাম। শেহতীয়াকৈ বিজেপি এৰি কংগ্ৰেছত যোগদানৰ বাবে সাজু হৈছে জয়ন্ত বৰা। কিন্তু কোনো পৰিস্থিতিতেই বিহালী সমষ্টিৰ প্রার্থিত্ব কংগ্ৰেছক এৰি দিব বিচৰা নাই বিহালীত গণভিত্তিহীন বাওঁপন্থী দল বা ‘অসম’ত অংশীদাৰ হৈ থকা অস্তিত্বৰ গৰাহত পৰা আঞ্চলিকতাবাদী নেতাই। ক’বলৈ গ’লে এতিয়া বিহালীক লৈ দুটা ভাগত বিভক্ত হৈছে কংগ্ৰেছ আৰু অসম সন্মিলিত মৰ্চা৷ এনে পৰিস্থিতিত ২৬ ৰ নিৰ্বাচনলৈ অসম সন্মিলিত মৰ্চা জীয়াই থাকিব নে নাথাকে তাকে লৈ সৃষ্টি হৈছে বিবিধ প্ৰশ্নৰ৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme