1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 8:16 am

এনেকৈ ভাঙেনে সপোন! দুৰ্ঘটনাই খন্তেকতেই কাঢ়িলে স্মৃতিৰেখা-ৰক্তিমৰ যুৰীয়া সপোন…

  • Update Time : Wednesday, March 2, 2022

ডিজিটেল ডেস্কঃ পথ দুৰ্ঘটনাই ভাঙিলে দুটি মনৰ এক হোৱাৰ সপোনটোক। শিৱ পূজাত একেলগে ভগৱান শিৱক আৰাধনা কৰিবলৈ গৈ উভতি নাহিল দুয়ো। যোৰহাটৰ যুৱতী স্মৃতিৰেখা বৰা আৰু গোলাঘাটৰ ৰক্তিম বৰাই সাৱটি ল’লে কৰুণ মৃত্যুক। বিৱৰণ অনুসৰি যোৰহাটৰ মহবন্ধাৰ চকলাটিঙত এখন যাত্ৰীবাহী বাছে স্কুটী আৰোহী ৰক্তিম বৰা আৰু স্মৃতিৰেখা বৰাক মহতিয়াই নিয়াৰ ফলতেই থিতাতে মৃত্যু হয় দুয়োগৰাকীৰ। দুৰ্ঘটনাৰ পিছতেই অঞ্চলটোত উত্তপ্ত পৰিস্থিতি। উত্তেজিত লোকে ভাঙি লণ্ডভণ্ড কৰে যাত্রীবাহী বাছখন।

উল্লেখ্য যে, আগন্তক বহাগত দুয়োৰে বিয়াৰো যো-জা চলিছিল। বিবাহৰ আধৰুৱা সপোন বুকুত লৈয়ে অজান দেশলৈ গ’লগৈ স্মৃতিৰেখা-ৰক্তিম। শেষ আঘোণত দুয়োৰে আঙঠি পিন্ধোৱা পৰ্বও অনুষ্ঠিত হৈ গৈছে। যুৰীয়া সপোনে ৰঙীন হোৱাৰ প্ৰাকক্ষণতেই নিয়তিৰ চৰম সিদ্ধান্তই দুয়োখন ঘৰতেই শোকৰ ছাঁ পেলোৱা পৰিলক্ষিত হৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme