এদিনৰ বাবে বন্ধ হ’ব ৰাজ্যৰ ১০ খন জিলা৷ অসম চৰকাৰৰ কেবিনেট বৈঠকত লোৱা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷ মিচিং সমাজে অসমৰ জাতীয় জীৱনক সমৃদ্ধ কৰাৰ লগতে ৰাজ্যখনৰ উন্নয়ন যাত্ৰাত অনবদ্য অৱদান আগবঢ়াই আহিছে। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা অসম কেবিনেটৰ বৈঠকত ৰাজ্যৰ ১০খন জিলা- ধেমাজি, লখিমপুৰ, মাজুলী, বিশ্বনাথ, শোণিতপুৰ, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়াত মিচিং সকলৰ প্ৰাণৰ উৎসৱ আলি আ:য়ে লৃগাং উপলক্ষে চৰকাৰী বন্ধত অনুমোদন জনোৱা হৈছে।