গুগল পে আৰু হোৱাটছএপৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিলে ইৰাণে। চৰকাৰে ইংগিত দিছে যে অন্য প্লেটফৰ্মতো শীঘ্ৰে নিষেধাজ্ঞা উঠাই লোৱা হ’ব পাৰে। অৱশ্যে শেহতীয়া সিদ্ধান্ত কেতিয়া কাৰ্যকৰী কৰা হ’ব সেই সন্দৰ্ভত কোনো তথ্য লাভ কৰা হোৱা নাই।
ইৰাণে উঠাইছে হোৱাটছএপ আৰু গুগল প্লে’ৰ নিষেধাজ্ঞা। অৰ্থাৎ এতিয়া মানুহে ইয়াত এই দুয়োটা সেৱাৰ সুবিধা লাভ কৰিব পাৰিব। ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানৰ সভাপতিত্বত অনুষ্ঠিত এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বৈঠকৰ অন্তত ইৰাণৰ চৰকাৰী সংবাদ সংস্থা ইৰনাই জনোৱা মতে, হোৱাটছএপ আৰু গুগল প্লে’ৰ দৰে কিছুমান জনপ্ৰিয় বিদেশী প্লেটফৰ্মত নিষেধাজ্ঞা উঠাই লোৱাৰ বাবে এক চুক্তিত উপনীত হৈছে। ইণ্টাৰনেটৰ নিষেধাজ্ঞা আঁতৰোৱাৰ দিশত প্ৰথম পদক্ষেপ গ্ৰহণ কৰা হৈছে। অৱশ্যে এই সিদ্ধান্ত কেতিয়া কাৰ্যকৰী কৰা হ’ব সেই সন্দৰ্ভত এতিয়াও কোনো তথ্য লাভ কৰা হোৱা নাই।
ইৰাণত কঠোৰ নিষেধাজ্ঞা
ইণ্টাৰনেটৰ ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা দেশসমূহৰ ভিতৰত ইৰাণ অন্যতম। ইয়াত ফেচবুক, এক্স আৰু ইউটিউবৰ দৰে আমেৰিকান প্লেটফৰ্মো নিষিদ্ধ কৰা হৈছে যদিও মানুহে ভিপিএনৰ জৰিয়তে ব্যৱহাৰ কৰি আছে। ইয়াত চৰকাৰ বিৰোধী প্ৰতিবাদত ছ’চিয়েল মিডিয়াৰ ব্যাপক ব্যৱহাৰ কৰা হয়।
ইণ্টাৰনেট নিষেধাজ্ঞাৰ বিৰোধীসকলে কয় যে ই কেৱল দেশৰ ক্ষতিহে কৰিছে। ৰাষ্ট্ৰপতিৰ উপদেষ্টা আলী ৰাবাইয়ে কয় যে এই নিষেধাজ্ঞাই জনসাধাৰণক ক্ষুব্ধ কৰাৰ বাহিৰে একো লাভ কৰা নাই আৰু তেওঁলোকৰ জীৱন ব্যয়বহুল কৰি তুলিছে। উপ-ৰাষ্ট্ৰপতি মহম্মদ জাভেদ জাৰিফে কয় যে ৰাষ্ট্ৰপতিগৰাকীয়ে ইণ্টাৰনেটৰ প্ৰতিবন্ধকতা আঁতৰোৱাত বিশ্বাস কৰে আৰু তেওঁ ইণ্টাৰনেট নিষেধাজ্ঞাক দেশ আৰু জনসাধাৰণৰ স্বাৰ্থত বুলি নাভাবে।
২০০৯ চনৰ পৰাই এই নিষেধাজ্ঞা বলবৎ হৈ আছে
২০০৯ চনত ইৰাণত মহম্মদ আহমদিনেজাদক ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হোৱাৰ বিৰোধিতা কৰা হৈছিল। তেতিয়াৰ পৰাই ছচিয়েল মিডিয়া নেটৱৰ্কত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তেতিয়া চৰকাৰে এই মঞ্চসমূহক বিক্ষোভৰ বাবে জগৰীয়া কৰিছিল। এতিয়াও একাংশ লোকে এই নিষেধাজ্ঞা প্ৰত্যাহাৰক সমালোচনা কৰি আছে। দেশৰ ১৩৬ গৰাকী সাংসদে ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ কৰি কয় যে এই সিদ্ধান্ত ইৰাণৰ শত্ৰুৰ বাবে উপহাৰৰ দৰে।