1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 10:47 am
Trending:
আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে!

এডাল কাঠপেঞ্চিলৰ বাবে আমেৰিকাত হাহাকাৰ…

  • Update Time : Friday, November 12, 2021

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ মনত পৰিছে ভাৰতলৈ। মহাশক্তিধৰ ৰাষ্ট্ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কিয় মনত পেলালে ভাৰতক। শক্তিশালী যুক্তৰাষ্ট্ৰখনতো আৰম্ভ হৈছে নেকি অৰ্থনৈতিক সংকট। কভিডে কঁকাল ভাঙিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰো। খ্ৰীষ্টমাছৰ পূৰ্বে সামগ্ৰীৰ দাম বৃদ্ধিয়ে প্ৰভাৱ পেলাইছে আমেৰিকাতো। যাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে সহায়ৰ বাবে মনত পেলাইছে ভাৰত আৰু ব্ৰাজিলক।

কি হৈছে আমেৰিকাত?

আমেৰিকা যদিওবা মহাশক্তিধৰ দেশ তথাপি এই দেশেও কিন্তু ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হয়। সৰু সৰু কিছু সামগ্ৰী যেনে, কাঠপেঞ্চিল এডালো ভাৰতৰ সহায় নোলোৱাকৈ প্ৰস্তুত কৰিব নোৱাৰে আমেৰিকাই। কাঠপেঞ্চিল তৈয়াৰ কৰা গ্ৰেফাইট আমেৰিকাত পোৱা নাযায়। যাৰ বাবে কাঠপেঞ্চিল তৈয়াৰ কৰা গ্ৰেফাইট ভাৰতৰ পৰা আমদানি কৰিব লাগে শক্তিশালী দেশখনে। ইফালে কাঠপেঞ্চিলত ব্যৱহাৰ হোৱা কাঠো আমেৰিকাত উৎপাদিত নহয়। এই কাঠ আমদানি কৰিব লাগে ব্ৰাজিলৰ পৰা। শেহতীয়াভাৱে যুক্তৰাষ্ট্ৰখনলৈ এই কেচাঁমালসমূহ নোযোৱাৰ বাবে কাঠপেঞ্চিলৰ সংকট আৰম্ভ হৈছে দেশখনত।

কিয় কেচাঁমাল আমদানি কৰিব পৰা নাই আমেৰিকাই?

জ’ বাইডেনে শাসনভাৰ গ্ৰহন কৰোতেই আমেৰিকাবাসীক প্ৰতিশ্ৰুতি দিছিল, আমেৰিকাবাসীয়ে কেতিয়াও কোনোধৰণৰ সামগ্ৰীৰ ক্ষেত্ৰত বা কেচাঁমাল আমদানিৰ ক্ষেত্ৰত অভাৱত নপৰে। কিন্তু বাইডেনে এই প্ৰতিশ্ৰুতি ৰক্ষা কৰাত ব্যৰ্থ হৈছে। কভিডৰ বাবে যোগান প্ৰক্ৰিয়া পৃথিৱীৰ প্ৰায়সমূহ দেশতে বিপন্ন হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰও যোগান প্ৰক্ৰিয়াৰ বিলম্বতাৰ স্বীকাৰ হৈছে। এই কথা প্ৰকাশ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। বিশেষভাৱে ভাৰতৰ পৰা আমদানী কৰা কেচাঁমালসমূহ পোৱাত বিলম্ব হোৱাত প্ৰভাৱ পৰিছে দেশখনৰ বহুকেইটা প্ৰতিষ্টানত। কিয়নো কাঠপেঞ্চিলকে আদি কৰি বহু ক্ষুদ্ৰ ক্ষুদ্ৰ সামগ্ৰী তৈয়াৰ কৰা কেচাঁমালৰ অভাৱ ঘটিছে আমেৰিকাত। কভিড মহামাৰীৰ আগতে কেতিয়াও এনেদৰে অভাৱ হোৱা নাছিল আমেৰিকাত বুলি প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি জ’ বাইডেনে।

উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে উপায়হীন হৈ ভাৰত আৰু ব্ৰাজিলক অচিৰেই কেচাঁমালসমূহ যোগান ধৰিবলৈ আহ্বান জনাইছে।

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme