ডিজিটেল ডেস্কঃ তেওঁৰ এটা মন্তব্যতেই উত্তাল দেশ৷ আৰবৰ দেশসমূহেও সমালোচনা কৰিছে মোজদী শাসনাধীন চৰকাৰক৷ বিজেপিৰ নেতাসকলক টেলিভিছনৰ পৰ্দাৰ পৰা আঁতৰি থাকিবলৈ দিয়া হৈছে নিৰ্দেশ৷ সমগ্ৰ দেশৰ বিজেপিৰ চকুৰ কুটা হৈ পৰা কোন এই নূপুৰ শৰ্মা? বিজেপি দলৰ জাতীয় মুখপাত্ৰৰ দায়িত্বত আছিল নূপুৰ৷ কিন্তু বিশেষ মন্তব্যটোৰ পিছতেই নূপুৰক সেই পদৰ পৰা বৰ্খাস্ত কৰা হৈছে৷
নূপুৰে কৰা মন্তব্যৰ পিছতেই সমগ্ৰ কানপুৰতেই সৃষ্টি হৈছে উত্তেজনাময় পৰিবেশৰ৷ প্ৰতিবাদত নামি পৰিছে কানপুৰৰ বহু লোক৷ অৱশ্যে এই উত্তেজনাৰ পিছতেই বিজেপি দলে দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও বহিষ্কাৰ কৰিছে নূপুৰক৷ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্ত হিন্দু কলেজৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰীধাৰী নূপুৰে আইনৰ ডিগ্ৰীও লৈছে৷ লণ্ডন স্কুল অব ইকনমিক্সত আইনৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে নূপুৰে৷ পঢ়ি থকাৰ সময়তে ৰাজনীতিৰ প্ৰতি আকৃষ্ট হয় নূপুৰ৷ ছাত্ৰ সংগঠন এবিভিপি-ৰ যোগেদি ৰাজনৈতিক ক্ষেত্ৰত আত্মপ্ৰকাশ কৰে নূপুৰে৷ ২০০৮ চনত দিল্লী বিশ্ববিদ্যালয়ৰ সভানেত্ৰী হয় নূপুৰ শৰ্মা৷ লাহে লাহে পদোন্নতি নূপুৰৰ৷ ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ জাতীয় কৰ্মসমিতিৰ সদস্য পদ লাভ কৰে নূপুৰে৷ দিল্লী বিজেপিৰ ৰাজ্যিক সমিতিৰো সদস্য হয় নূপুৰ৷ তাৰ পিছতেই লাভ কৰে বিজেপিৰ জাতীয় মুখপাত্ৰ পদ৷
২০১৫ চনত দিল্লী বিধানসভা নিৰ্বাচনত আপৰ প্ৰধান অৰবিন্দ কেজৰীৱালৰ বিৰুদ্ধে নিৰ্বাচনত থিয় দিয়ে নূপুৰে৷ কিন্তু আপ প্ৰধানৰ হাতত ৩১,৫৮৩ টা ভোটত পৰাস্ত হয় নূপুৰ৷ পৰাজিত হ’লেও বিজেপিৰ এগৰাকী সক্ৰিয় কৰ্মী হিচাপে কাম কৰি আছে নূপুৰে৷ কিন্তু শেহতীয়াভাৱে প্ৰদান কৰা মন্তব্যক লৈ মহাৰাষ্ট্ৰ, হায়দৰাবাদকে আদি কৰি একাধিক ৰাজ্যত নূপুৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে৷ অচিৰেই মহাৰাষ্ট্ৰ আৰ৭ীয়ে নূপুৰলৈ চমন প্ৰেৰণ কৰাৰ সম্ভাৱণা আছে৷
আনহাতে নূপুৰ বিতৰ্কক লৈ বৰ্তমানলৈ মুখ খোলা নাই প্ৰধানমন্ত্ৰী মোদীয়ে৷ মুছলমান অধ্যুষিত দেশসমূহত ভাৰতৰ ভাৱমূৰ্তিক লৈ উঠা প্ৰশ্নত প্রধানমন্ত্ৰী মোদীৰ নিৰব ভূমিকাক প্ৰশ্ন কৰিছে বিৰোধীয়েও৷