ডিজিটেল ডেস্কঃ দেশবাসীৰ বাবে সু-খবৰ। বিশ্ব দৰবাৰত পুনৰ জিলিকিল ভাৰতৰ নাম। ৯৪ তম একাডেমী বঁটা ২০২২ বৰ্ষৰ অস্কাৰ বঁটা লাভ কৰিলে নমিট মালহত্ৰাই। “DUNE” ছবিখনৰ গ্ৰাফিক্সৰ কামত কৰ্মৰত আছিল নমিট। ছবিখনত গ্ৰাফিক্সৰ সুন্দৰ উপস্থাপনৰ বাবে নমিট মালহত্ৰাক প্ৰদান কৰা হয় অস্কাৰ। আন কেইবাটাও শিতানত অস্কাৰ লাভ কৰিবলৈ সক্ষম হয় “DUNE” ছবিখনে। লণ্ডনস্থিত ভিজুৱেল ইফেক্ট আৰু এনিমেচন কোম্পানী ”ডিএনইজি”-ৰ দ্বাৰা চলচ্চিত্ৰখনত সুন্দৰ কাৰিকৰী চমক প্ৰদানে ইতিমধ্যে ৯৪ তম একাডেমী অস্কাৰৰ সকলো বিচাৰকক আকৃষ্ট কৰিবলৈ সক্ষম হয়৷ ”ডিএনইজি”-ৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কৰ্মৰত নমিত মালহোত্ৰা। নমিট মালহত্ৰা বলীউডৰ বিখ্যাত প্ৰযোজক নৰেশ মালহোত্ৰাৰ পুত্ৰ আৰু চিত্ৰগ্ৰহণকাৰী এম.এন.মালহোত্ৰাৰ নাতি।
ইয়াৰ উপৰিও নমিতৰ গ্ৰাফিক্স কোম্পানীটোৱে জেমছ বণ্ডৰ ছবি ”নো টাইম টু ডাই”ৰ VFX-ৰ কাম কৰিছিল। এই ছবিখনো ৯৪ তম একাডেমী বঁটাৰ একেটা শিতানতে মনোনীত কৰা হয়। নমিতৰ এই কোম্পানীটোৱে এতিয়ালৈক ছয়বাৰকৈ অস্কাৰ বঁটা পাবলৈ সক্ষম হৈছে। ইনচেপচন, ইণ্টাৰষ্টেলাৰ, এক্স মেছিনা, ব্লেড ৰানাৰ, ফাৰ্ষ্ট মেন আৰু টেনেট চলচ্চিত্ৰৰ বাবে লাভ কৰে অস্কাৰ বঁটা। নমিট মলহট্ৰাক লৈ গৌৰাম্বিত এতিয়া দেশবাসী।