সাজ পোছাকৰ দ্বাৰাই কিয় মানুহক ব্যৱহাৰক কৰা হয়৷ কিয় সাজ পাৰক লৈ মানুহক অপমান কৰা হয়? ধূতি পৰিধান কৰাৰ বাবেই এক নিৰ্লজ্জ ঘটনা সংঘটিত হৈছে বেংগালুৰুৰ এখন মলত৷
এখন বৃহৎ মল, নামী দামী মানুহ কিন্তু ব্যৱহাৰতহে নাই অভদ্ৰতাৰ পৰিচয়৷ কিন্তু কিয় এনে ব্যৱহাৰ? মঙলবাৰে সন্ধিয়া ৬ বজাৰ ওচৰত নাগাৰাজে মাক-দেউতাকক লৈ মললৈ চিনেমা চাবৰ বাবে গৈছিল। শ্বপিং মলত প্ৰৱেশ কৰিবলৈ ওলোৱাৰ সময়তে নিৰাপত্তাৰক্ষীয়ে ধূতি পৰিহিত লোকজনৰ ভিতৰলৈ প্ৰৱেশ কৰাত দিলে বাধা৷ প্ৱেশত বাধা দিয়াত কিয় বাধা কৰিছে বুলি প্ৰশ্ন কৰাত নিৰাপত্তাৰক্ষীগৰাকীয়ে কয় যে বৃদ্ধ গৰাকীয়ে ধূটি পিন্ধিছে বাবেই তেওঁক প্ৰৱেশ কৰিবলৈ দিয়া নহব৷ কিন্তু তাৰ পিছতে বৃদ্ধগৰাকীৰ পুত্ৰই বন্ধু-বান্ধৱীক ফোন কৰিলে আৰু মিডিয়া আহি পোৱাৰ পিছত তেওঁলোকক মলত প্ৰৱেশ কৰিবলৈ দিছিল৷ বৰ্তমান ৰাজ্যৰ নগৰ উন্নয়ন আৰু নগৰ পৰিকল্পনা মন্ত্ৰী বাইৰাথী সুৰেশে চৰকাৰৰ হৈ এই ঘটনাক গৰিহণা দিয়াৰ লগতে ৭ দিনৰ বাবে মলটো বন্ধ কৰিছে৷