1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 7:08 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

এক টকীয়া মুদ্ৰাৰে ক্ৰয় কৰিলে বাইক…

  • Update Time : Monday, March 28, 2022

ডিজিটেল ডেস্কঃ আপুনি হয়তো বাহন ক্ৰয় কৰিব গলে বুজন পৰিমাণৰ ধনৰাশি হাতত লৈ যায়৷ নতুবা অত্যাধুনিক প্ৰযুক্তিৰে সেই বিশেষ ধনৰাশী পৰিশোধ কৰে৷ কিন্তু এগৰাকী যুৱকৰ কৰ্ম কাণ্ডই আপোনাৰ চকু কপালত তুলিব৷ ঘটনা সংঘটিত হৈছে তামিলনাডুত৷ তামিলনাডুৰ বি ভূপতি নামৰ যুৱকগৰাকীয়ে নিজ পচন্দৰ মটৰচাইকেল ক্ৰয় কৰিব যোৱাত অবাক হৈ পৰে শ্বো-ৰুমৰ সকলো কৰ্মচাৰী ৷ কাৰণ যুৱকগৰাকীয়ে মটৰচাইকেল ক্ৰয় কৰিবলৈ লগত লৈ গৈছিল ২.৬ লাখ ১ টকীয়া মুদ্ৰা ৷

তামিলনাডুৰ চালেম চহৰৰ আম্মাপেটৰ গান্ধী ময়দান অঞ্চলৰ বাসিন্দা বি ভূপতি নামৰ যুৱকএগৰাকীয়ে সংঘটিত কৰে এই ঘটনা৷ ভূপতিৰ পচন্দ ‘‘ডোমেনাৰ ৪০০’’ মটৰচাইকেল, কিনো বুলিয়ে কিনিব নোৱাৰে নিজৰ পচন্দৰ মটৰচাইকেল খন৷ যাৰ বাবে তেঁও এটকা এটকা কৈ তিনিবছৰত ২.৬ লাখ টকা জমা কৰে আৰু মটৰচাইকেল কিনিবলৈ স্বো-ৰুমত উপস্থিত হয়৷ স্বো-ৰুমৰ মেনেজাৰ গৰাকীয়ে জনোৱা অনুসৰি এই বুজন পৰিমাণৰ ধনৰাশি খিনি হিচাপ কৰিবলৈ ১০ ঘন্টা সময় লাগিছিল৷

ভূপতি পেচাত এগৰাকী ব্যক্তিগত কোম্পানীত কম্পিউটাৰ অপাৰেটৰ হিচাপে কৰ্মৰত৷ ইয়াৰ উপৰিও তেঁও নিজস্ব ইউটিউব চেনেল এটাও চলাই আছে৷ ভূপতিয়ে জনোৱা অনুসৰি তেঁও এই বুজন পৰিমাণৰ ধনখিনি সঞ্চয় কৰিবলৈ বহু সমস্যাৰ সন্মুখীন হ’ব লগাত পৰিছিল৷ কিয়নো এখন এখন কৈ টকাৰ নোট তেঁও খুচুৰা কৰি জমা কৰিছিল৷ ইয়াৰ বাবে ভূপতিয়ে মন্দিৰ, হোটেল আৰু চাহ দোকানত গৈ টকা খুচুৰা কৰিছিল৷ মটৰচাইকেল ক্ৰয় কৰাৰ সময়ত মেনেজাৰ গৰাকীয়ে মানি লোৱা নাছিল যদিও পিছলৈ তেঁও মান্তি হৈছিল আৰু এনেদৰেই ভূপতিৰ মটৰচাইকেল ক্ৰয় কৰা সপোন দিঠকত পৰিণত হয়৷ বৰ্তমান সামাজিক মাধ্যমত ব্যাপক চৰ্চিত বি ভূপতিৰ এই ব্যতিক্ৰমী কাণ্ডই ৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme