1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2024, 4:53 pm
Trending:
ৰাজ্যসভাত প্ৰথমটো ভাষণতেই দেশবাসীৰ অন্তৰ জিনিলে সাংসদ সুধা মূৰ্তিয়ে আপোনাৰ চকুৰ বিষ বা জ্বলা-পোৰা সমস্যা হৈছে নেকি? আমলখি ব্যৱহাৰ কৰি লাভ কৰক সুফল! উক্ত তাৰিখটোৰ পৰা কেতুৱে ভাগ্য উদয় কৰিব এই তিনি ৰাশিৰ জাতক-জাতিকাক পদিনা খাইনে আপুনি? পদিনাই নাইকিয়া কৰিব আপোনাৰ শৰীৰৰ ভিন্ন সমস্যা! ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে?

এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত

  • Update Time : Tuesday, July 2, 2024

ফাতেহপুৰৰ সৌৰা গাঁৱত এক আচহুৱা ঘটনা৷ যোৱা ৩০ দিনত ৫ বাৰ সাপে কামুৰিছে বিকাশ নামৰ এগৰাকী যুৱকক। সপ্তাহত এবাৰ সাপে কামুৰিলে আৰু তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰা হয়। বিকাশে কয় যে ২ জুনৰ নিশা প্ৰথমবাৰৰ বাবে সাপে তেওঁক কামুৰিলে তাৰ পিছত ১০ জুন, ১৭ জুন, ২২ জুন আৰু ২৮ জুনতো তেওঁক সাপে কামুৰিছিল। প্ৰতিবাৰেই তেওঁক চিকিৎসালয়ত ভৰ্তি কৰি সুস্থ হৈ ঘৰলৈ উভতি আহিছিল।
২ জুনৰ পিছত ১০ জুনৰ নিশা প্ৰায় ৯ বজাত পুনৰ সাপে কামুৰিলে বিকাশ ডুবেক। পৰিয়ালৰ লোকে তেওঁক পূৰ্বে চিকিৎসা কৰা একেখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায়। এইবাৰো তেওঁ চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিল। কিন্তু ১৭ জুনত পুনৰ সংঘটিত হয় একেটা দুৰ্ঘটনা। ঘৰত আকৌ এবাৰ বিকাশক সাপে খুটে। আতংকিত পৰিয়ালৰ লোকে তৃতীয়বাৰৰ বাবে একেখন চিকিৎসালয়লৈ লৈ যায়। চিকিৎসাৰ পিছত তেওঁ পুনৰ সুস্থ হৈ উঠিল।
বিকাশে কয় যে সাপে খুটাৰ আগতেই তেওঁ ভয় অনুভৱ কৰিবলৈ আৰম্ভ কৰে আৰু তাৰ পিছত সাপে কামোৰ দিয়ে। তেওঁৰ চিকিৎসা কৰা ডাক্তৰ জৱাহৰলালও এই ঘটনাত স্তম্ভিত হৈ পৰিছে। তেওঁ কয় যে এইটো এটা অদ্ভুত ঘটনা। প্ৰতিবাৰেই বিকাশক সাপৰ বিষ প্ৰতিৰোধী বেজী আৰু জৰুৰীকালীন ঔষধ দি চিকিৎসা কৰা হয় আৰু তেওঁ সুস্থ হৈ উঠে। তেওঁৰ শৰীৰত সাপে কামোৰাৰ স্পষ্ট চিনও পোৱা যায়। এই ঘটনাত বিকাশ বৰ বিচলিত হৈছে। তেওঁলোকে প্ৰতি মুহূৰ্ততে ভয় খাই থাকে যে সাপে তেওঁলোকক পুনৰ কামুৰিব। এই ঘটনা সমগ্ৰ গাঁৱতে চৰ্চাৰ বিষয় হৈ পৰিছে। মানুহে বিভিন্ন ধৰণৰ জল্পনা-কল্পনা কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme