1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2024, 9:01 pm
Trending:
ৰাজ্যসভাত প্ৰথমটো ভাষণতেই দেশবাসীৰ অন্তৰ জিনিলে সাংসদ সুধা মূৰ্তিয়ে আপোনাৰ চকুৰ বিষ বা জ্বলা-পোৰা সমস্যা হৈছে নেকি? আমলখি ব্যৱহাৰ কৰি লাভ কৰক সুফল! উক্ত তাৰিখটোৰ পৰা কেতুৱে ভাগ্য উদয় কৰিব এই তিনি ৰাশিৰ জাতক-জাতিকাক পদিনা খাইনে আপুনি? পদিনাই নাইকিয়া কৰিব আপোনাৰ শৰীৰৰ ভিন্ন সমস্যা! ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে?

একেজন পুৰুষৰ সৈতে বিয়া হ’ল ৩গৰাকী ভগ্নী…

  • Update Time : Saturday, March 5, 2022

ডিজিটেল ডেক্সঃ এজন পুৰুষৰ সৈতে বিয়া হ’ল ৩গৰাকী ভগ্নী ‘আমি সকলো বস্তু শ্বেয়াৰ কৰিয়েই চলো’- মন্তব্য ৩ভগ্নীৰ, একেজন স্বামীৰে সৈতে সুখী তিনিগৰাকী নাৰী৷
বিবাহ হৈছে দুটি আত্মাৰ মিলন, এজন পুৰুষ আৰু এগৰাকী নাৰী মাজত গঢ়ি উঠা পবিত্ৰ সম্বন্ধই বিবাহ৷ এই পবিত্ৰ সম্বন্ধক নতুন ৰূপ দিলে তিনিগৰাকী ভগ্নীয়ে, একেজন পুৰুষৰ সৈতে বিয়াত বহাৰ সিদ্ধান্ত ল’লে ৩ভগ্নীয়ে৷ ৰাখিলে আজৱ চৰ্ত, ক’লে- ‘আমি সকলো বস্তুয়েই শ্বেয়াৰ কৰো৷ তিনিগৰাকী প্ৰকৃত ভগ্নীক বিয়া কৰোৱা ব্যক্তিজন হৈছে লুভিজো৷ বয়স ৩২ বছৰ। আফ্ৰিকাৰ কংগোৰত এই আশ্বৰ্যজনক কাণ্ড৷ লুভিজোৱে প্ৰথমে ছচিয়েল মিডিয়াৰ জৰিয়তে ৩গৰাকী ভগ্নীৰ এগৰাকী নাটালীক লগ পাইছিল আৰু তাৰপাছতেই তেওঁ আন দুগৰাকী ভগ্নীৰে সৈতে সম্পৰ্ক স্থাপন হৈছিল৷
লুভিজোৰ প্ৰেমত পৰিছিল তিনিওগৰাকী ভগ্নী, তিনিগৰাকী মহিলাৰ বাবে স্বামী শ্বেয়াৰ কৰাটো অসম্ভৱ,কিন্তু আফ্ৰিকাৰ তিনিগৰাকী ভগ্নীয়ে লুভিজোক দিলে আশ্বৰ্যজনক চৰ্ত, বিয়া পাতিবলৈ প্ৰস্তাৱ দিলে ৩গৰাকী ভগ্নীক একেলগেই, লুভিজোয়ে সেই প্ৰস্তাৱ গ্ৰহণ কৰি তিনিওগৰাকী ভগ্নী, নাতাশা, নাটালী আৰু নাদেজৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়৷ লুভিজোয়ে কোৱাৰ মতে তেওঁৰ কোনো উপায় নাছিল, সেয়েহে প্ৰস্তাৱ নাকচ নকৰিলে লুভিজোয়ে৷ তেঁওৰ কোৱাৰ মতে সিদ্ধান্তটো তেওঁৰ বাবে বহুত কঠিন আছিল, কিয়নো একেদিনাই তিনিওগৰাকী ভগ্নীকেই বিয়া পাতিব লগীয়া হৈছে লুভিজোয়ে৷ লুভিজোৰ পিতৃ-মাতৃয়ে এতিয়াও গ্ৰহণ কৰিব পৰা নাই লুভিজোৰ সেই সিদ্ধান্ত৷ তিনিগৰাকী ভগ্নীয়ে সৰুৰে পৰা সকলো বোৰ শ্বেয়াৰ কৰি আহিছিল সেয়েহে শেহতীয়াকৈ লুভিজোক স্বামী হিচাপে গ্ৰহণ কৰি অত্যন্ত সুখী ৩গৰাকী ভগ্নী৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme