1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:21 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

একালৰ বৃন্দাবন একালত পৰে ছন, ছেহঃ এইবাৰ বৰ বেয়াকৈ ফচিল

  • Update Time : Tuesday, September 19, 2023

চৰকাৰী আঁচনিৰ ধন আত্মসাৎ কৰি তদন্তকাৰী সংস্থাৰ জালত পৰিছিল লখিমপুৰৰ প্ৰাক্তন সাংসদ ৰাণী নৰহ৷ সম্পূৰ্ণ নীতি-নিয়ম উলংঘা কৰাই নহয়, সাংসদ পুঁজিৰ অধীনত হিতাধিকাৰীক সামগ্ৰী বিতৰণ নকৰাকৈ আমোলা-বিষয়াৰে মিলি ১ কোটি টকা হজম কৰা প্ৰাক্তন সাংসদ ৰাণী নৰহৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল মুখ্যমন্ত্ৰী বিশেষ বিশেষ তদাৰকী কোষত৷ ২০১৩-১৪ চনত মাজুলীত সাংসদ পুঁজিৰ অধীনত দমকল বিতৰণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ তথ্য কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছিল৷ ইয়াৰ পিচতে সমগ্ৰ বিষয়টোক লৈ মুখ্যমন্ত্ৰী তদাৰকী কোষে কৰা তদন্ততো এই অনিয়ম ধৰা পৰিছিল৷ যাৰ বাবে প্ৰাক্তন সাংসদ ৰাণী নৰহৰ লগতে যোৰহাটৰ তদনীন্তন পৰিকল্পনা বিষয়া জিতুমণি দত্ত, ৷, ঠিকাদাৰী প্ৰতিষ্ঠান মেছাৰ্ছ বৰুৱা এণ্ড ছনছৰ স্বত্বাধিকাৰী জনৈক বৰুৱা আৰু প্ৰাক্তন সাংসদ ৰাণী নৰহৰ ব্যক্তিগত সহায়ক ৰঞ্জিত চুতীয়াৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল৷ ইয়াৰে মাজুলীৰ তদানীন্তন সহকাৰী জিতুমণি দত্ত আৰু যোৰহাটৰ তদানীন্তন জিলা উন্নয়ন আয়ুক্ত তথা অৱসৰপ্ৰাপ্ত ACS বিষয়া অঞ্জনাভ চলিহাক গ্ৰেপ্তাৰ কৰা হৈছিল।
উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ জনজাতীয় পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা প্ৰাক্তন সাংসদ ৰাণী নৰহে বিষয়া-কৰ্মচাৰীৰে মিলি এনেদৰে আঁচনিৰ ধন আত্মসাৎ কৰিছিল তাৰ এটা এটাকৈ তথ্য উন্মোচিত হৈছিল কেগৰ লগতে মুখ্যমন্ত্ৰীৰ বিশেষ তদৰাকী কোষৰ অনুসন্ধানৰ প্ৰতিবেদনত৷ এই প্ৰতিবেদনতে উন্মোচন হোৱা তথ্য অনুসৰি ২০১৩-২০১৪ চনত মাজুলীত সাংসদ এলেকা উন্নয়ন আঁচনিৰ অধীনত ৩,২১৫ টা দমকল স্থাপনৰ উদ্যোগ লোৱা হৈছিল৷ প্ৰতিটো দমকলৰ বাবদ ৩,১১০ টকাকৈ ধাৰ্য্য কৰা এই আঁচনিখনৰ বাবে আৱণ্টন দিয়া হৈছিল ১ কোটি টকা৷
২০১৯ চনতো প্ৰাক্তন সাংসদ ৰাণী নৰহৰ বিৰুদ্ধে CM ভিজিলেন্সে জাৰি কৰিছিল চমন আৰু এইবাৰ Under Secton 41/ACRP PC ৰ অধীনত চমন জাৰি কৰা হৈছে ৰাণী নৰহৰ বিৰুদ্ধে।
মাজুলীৰ দৰে পূণ্য ভূমিত ১ কোটি টকীয়া বিয়াগোম কেলেংকাৰী সংঘটিত কৰা প্ৰাক্তন কংগ্ৰেছী সাংসদ ৰাণী নৰহৰ বিৰুদ্ধে দেশৰ ন্যায় ব্যৱস্থাই কি শাস্তি নিৰ্ধাৰণ কৰে এয়া হ’ব লক্ষণীয়৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme