ডিজিটেল ডেস্কঃ অধিনায়কত্বও নাই, নাই ৰানৰ ক্ষমতাও, এবছৰৰ ভিতৰতেই ৪০০ কোটি টকা দৰ কমিছে ক্ৰিকেটাৰ বিৰাট কোহলিৰ৷ ভাৰতীয় ক্ৰিকেটাৰসকলৰ ভিতৰত কোহলীৰ পিছতে আছে মহেন্দ্ৰ সিং ধোনী আৰু ৰোহিত শৰ্মা। ধোনীয়ে বৰ্তমান কেৱল আই পি এলহে খেলে। তাৰ পিছতো ধোনীয়ে বিজ্ঞাপনৰ পৰা ৪৬১ কোটি টকা উপাৰ্জন কৰে। ভাৰতৰ বৰ্তমানৰ অধিনায়ক ৰোহিত শৰ্মাৰো মুল্য দিনকদিনে বৃদ্ধি পাইছে।
২০২০ চনত বিজ্ঞাপনৰ পৰা ৰোহিত শৰ্মাৰ আয় আছিল ১৮৯ কোটি টকা। ২০২১ চনত তেওঁৰ উপাৰ্জন ২৪২ কোটি টকালৈ বৃদ্ধি পালে৷ কিন্তু তাৰ বিপৰীতে বিগত এবছৰে কমিবলৈ আৰম্ভ কৰিছে বিৰাট কোহলীৰ ব্ৰেণ্ড ভেল্যু৷ ২০২০ বৰ্ষত বিজ্ঞাপনৰ পৰা ভাৰতৰ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে লাভ কৰিছিল ১৮০৩ কোটি টকা৷ কিন্তু ২০২১ বৰ্ষত সেই আয় কমি বিজ্ঞাপনৰ পৰা ১৩৭১ কোটি টকা লাভ কৰে জনপ্ৰিয় ক্ৰিকেটাৰজনে৷ ২০২১তকৈ ২০২২ চনত এই আয় আৰু নিম্নগামী হৈছে জনপ্ৰিয় ক্ৰিকেটাৰগৰাকীৰ৷ বিগত ১২ মাহৰ ভিতৰত ক্ৰিকেটাৰগৰাকীৰ মুঠ আয় কেৱল মাত্ৰ ৪৩২ কোটি টকা৷
কিয় এনেদৰে নিম্নগামী হৈছে ক্ৰিকেটাৰগৰাকীৰ আয়? সমগ্ৰতে এই বিষয়টোৱে চৰ্চা লাভ কৰিছে যদিও একাংশ সমালোচকে দাঙি ধৰা কাৰণ অনুসৰি কোহলীৰ পতনৰ কাৰণ তেওঁ অধিনায়ক পদ ত্যাগ কৰাটো৷ পোনতে টি-২০ দলৰ অধিনায়ক পদ ত্যাগ কৰিছিল কোহলীয়ে তাৰ পিছত এদিনীয়া ক্ৰিকেট দলটোৰ অধিনায়ক পদো ত্যাগ কোহলীৰ৷ দক্ষিণ আফ্ৰিকাৰ সৈতে থকা টেষ্ট মেছ সম্পূৰ্ণ কৰি ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক পদো ত্যাগ কৰে কোহলীয়ে৷ অধিনায়ক পদ ত্যাগৰ পিছতেই বহুজাতিক সংস্থাবোৰে যেন ভৰষা হেৰুৱাইছে কোহলীৰ ওপৰত৷ ইয়াৰ উপৰিও দীৰ্ঘদিনে কোহলীৰ খেলতো বিশেষ ভাল প্ৰদৰ্শন দেখা নাই বুলিও মন্তব্য ক্ৰিকেট সমালোচকৰ৷
২০১৯ চনতেই শেষবাৰৰ বাবে শতৰাণ কৰিছিল কোহলীয়ে৷ বিজ্ঞাপনৰ সংখ্যা নিম্নগামী হোৱাৰ ইয়ো এক কাৰণ বুলি বিবেচনা একাংশ নেটিজেনৰ৷ যদি কোহলীয়ে এই ধাৰাতেই থাকে তেন্তে আগন্তক সময়ত ইয়াতকৈও অধিক প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব প্ৰাক্তন অধিনায়কগৰাকী বুলিও নেটিজেনৰ মন্তব্য৷