আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা, দেৱী বন্দনাৰে মুখৰিত হৈছে ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠান। ৰঙীন সাজ-পোছাক পিন্ধি বাগদেৱীৰ আৰাধনা কৰিবলৈ ওলাই আহিছে এতিয়া সকলো। সৰস্বতী পূজা দিনা ভুলতে পৰিধান নকৰিব এই ৰঙৰ সাজ অন্যথা ৰুষ্ট হৈ পৰিব মা সৰস্বতী। বিশেষকৈ শিক্ষাৰ্থীসকলে দেৱীৰ আৰাধনা কৰিবলৈ যোৱাৰ পূৰ্বে মানি চলক এইসমূহ দিশ।দেৱীৰ আৰধনা কৰিবলৈ যোৱাৰ সময়তে হালধীয়া কাপোৰ পৰিধান কৰক, কোৱা হয় যে হালধীয়া কাপোৰ পৰিধান কৰিলে মা সৰস্বতী সোনকালে সন্তুষ্ট হয়। ইয়াৰোপৰি বগা আৰু পাতল ৰঙৰ পৰিধান কৰক। আনহাতে কেতিয়াও পূজাত কলা বস্ত্ৰ পৰিধান নকৰিব, কোৱা হয় যে মাংগলিক কাৰ্যসমূহত কেতিয়াও কলা বস্ত্ৰ পৰিধান কৰিব নালাগে। ইয়াৰোপৰি মা সৰস্বতীৰ বেদীত আগবঢ়াওক বগা ৰঙৰ ফুল আৰু বগা ৰঙৰ কাপোৰ। মাৰ বগা ৰঙ প্ৰিয় সেইবাবে সৰস্বতীৰ আগত বগা ৰঙৰ কাপোৰ পৰিধান কৰিলে বা বগা সামগ্ৰী আগবঢ়ালে মা সোনকালে সন্তুষ্ট হয়।