ভিটামিন এ-এ কলাজেন উৎপাদন আৰু ছালৰ নমনীয়তা বৃদ্ধি কৰে। ই আমাক ছালৰ সমস্যা যেনে ব্ৰণ আৰু ফ্ৰী ৰেডিকেলৰ ক্ষতিৰ পৰা ৰক্ষা কৰে। ইয়াৰ উপৰিও বয়স বৃদ্ধিৰ ফলত ছালত হোৱা প্ৰভাৱ কমোৱাতো সহায় কৰে। পেঁপা, ব্ৰকলি, এভোকেডো, বিলাহী আৰু টমেটো আদি বস্তুত ভিটামিন এ প্ৰচুৰ পৰিমাণে পোৱা যায়।
ভিটামিন B3 এ সূৰ্য্যৰ ক্ষতিকাৰক UV ৰশ্মিৰ পৰা ৰক্ষা কৰে। ৰ’দত ওলাই যোৱাৰ পিছত আমি ছালত ৰং দেখা পাওঁ কাৰণ UVA আৰু UVB য়ে আমাক বহুত সমস্যা দিয়ে এই সমস্যাবোৰ সমাধান কৰিবলৈ আপোনাৰ খাদ্য তালিকাত Vitamin B3 অন্তৰ্ভুক্ত কৰক। ইয়াৰ বাবে আপুনি এভোকেডো, বিলাহী, আলমণ্ড আৰু পটলৰ দৰে বস্তু খাব পাৰে।
ভিটামিন চিয়ে অধিক এন্টিঅক্সিডেন্ট উৎপাদনত সহায় কৰে, যিয়ে মুখখন সুস্থ কৰি ৰাখে আৰু ক্ষতিগ্ৰস্ত ছালখন সোনকালে মেৰামতি কৰাত সহায় কৰে। আমলা, কমলা, নেমু আৰু এভোকেডোক ভিটামিন চিৰ সমৃদ্ধ উৎস বুলি গণ্য কৰা হয়।
ভিটামিন ই ছালখন চিকচিকিয়া আৰু কোমল কৰি ৰাখে। ইয়াৰ উপৰিও বয়স বৃদ্ধিৰ লক্ষণ কমায়, UV ক্ষতিৰ পৰা ৰক্ষা কৰে আৰু মুখৰ প্ৰদাহ ৰোধ কৰে। ইয়াৰ উপৰিও ই একজিমাৰ দৰে ছালৰ লগত জড়িত বহু সমস্যাও নিৰাময় কৰে।
ভিটামিন কে-এ ছালখন কোমল কৰি ৰখাৰ লগতে ক’লা বৃত্তবোৰ আঁতৰাই ৰখাতো কাম কৰে। ইয়াৰ বাবে কচু, বন্ধাকবি, এভোকেডো আৰু ব্ৰকলি আদি স্বাস্থ্যকৰ বস্তু খাব লাগে।