1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 4:50 am

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গ। নামটোতে যেন কিবা এটা আৱেগ আছে। মানুহে ভাল পায় বাবেই তেওঁক লৈ হাজাৰটা বিৰ্তক। মানুহে ভাল পায় বাবেই তেওঁৰ মুখৰ এশাৰি কথাৰ বাবেই বাট চাই থাকে লক্ষ লক্ষ জনে।

জুবিন কিমান উদাৰ তাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। সহায়ৰ বাট যদি হেৰাই যায় বহুজন কাষ চাপে জুবিনৰ, তাৰ অলেখ প্ৰমাণ আছে। শেহতীয়াকৈ জুবিনৰ এটা কামে পুনৰ তেওঁৰ অনুৰাগীসকলক গৌৰম্বাৱিত কৰি তুলিছে। জুবিনৰ এই কামক লৈ এতিয়া সামাজিক মাধ্যমতো হৈছে তীব্ৰ চৰ্চা।

যোৱা ৩১মাৰ্চত টিহু চকৰ ১নং নাথ কুছিত বাসন্তী পূজা উপলক্ষে অনুষ্ঠিত হৈছিল জুবিনৰ সংগীতানুষ্ঠান। এই অনুষ্ঠানত জুবিনে গাই গৈছিল তেওঁৰ বহু চিৰসেউজ গীত। কেইবা সহস্ৰাধিক লোকৰ সন্মুখত জুবিনে পৰিৱেশন কৰিছিল এই গীতবোৰ। এই সংগীতানুষ্ঠানৰ বাবে জুবিনে লাভ কৰা সকলো মাননি দি থৈ আহিল তিনিগৰাকী বিশেষভাৱে সক্ষম যুৱকক।

যুৱককেইগৰাকীয়ে চকুৰে নেদেখে। অন্ধ ৩গৰাকী যুৱকে জুবিন গাৰ্গৰ পৰা সহায় বিচাৰিছিল আৰু সেই সুত্ৰেই জুবিনে অনুষ্ঠানত লাভ কৰা মাননি দি দিলে ৩গৰাকী যুৱকক।জুবিনক লৈ হাজাৰটা বিৰ্তক হয়। কিন্তু তাৰমাজতো জুবিনে কৰি গৈছে নিজৰ কাম।

সংগীতেৰে অসমৰ মানুহৰ বুকুত সুকীয়া ঠাই লোৱা জুবিনে এনে হাজাৰ হাজাৰ জনক সহায় কৰিছে। হয়তো এইবাবেই অনুৰাগীসকলৰ হৃদয়ত জুবিনৰ ঠাই অইন কোনেও লব নোৱাৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme