1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:29 am

এইবাৰ বিহাৰত চিবিআইৰ অভিযান

  • Update Time : Thursday, August 25, 2022

পাটনাঃ পশ্চিমবংগ আৰু দিল্লীৰ পিছত এইবাৰ চিবিআইৰ অভিযান আৰম্ভ হৈছে বিহাৰত। বুধবাৰে চাকৰিৰ বিনিময়ত মাটি কেলেংকাৰী সন্দৰ্ভত আৰজেডি নেতাৰ বাসগৃহত চিবিআইয়ে অভিযান অব্যাহত ৰাখিছে।

চিবিআইয়ে যিকেইগৰাকী আৰজেডি নেতাৰ ঘৰত অভিযান চলাইছে সেইসকল হৈছে লালুপ্ৰসাদ যাদৱৰ ঘনিষ্ঠ বুলি জনাজাত এমএলচি সুনীল সিং, সাংসদ আছফাক কৰিম আৰু ফৈয়াজ আহমেদ আৰু প্ৰাক্তন এমএলচি সুবোধ ৰায়।

তাৎপৰ্যপূৰ্ণ যে, বুধবাৰে নীতিশ কুমাৰ নেতৃত্বাধীন জেডিইউ-আৰজেডি মিত্ৰজোঁটৰ নতুন চৰকাৰখনে বিধানসভাত দুপৰীয়াৰ ভাগত শক্তি প্ৰদৰ্শন কৰিব। এই সময়তে এনেদৰে আৰজেডি নেতাৰ বাসগৃহত চিবিআইয়ে অভিযান চলোৱা বিষয়টোৱে বিহাৰৰ ৰাজনীতিত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme