বুধবাৰে পেৰিছ অলিম্পিক ২০২৪ৰ পৰা অযোগ্য ঘোষণা কৰাৰ পিছত ভিনেশ ফ’গাটৰ বিজয়ী দিনটো তিক্ত হতাশালৈ পৰিণত হয়। ভিনেশে ৫০ কেজি মহিলা মল্লযুঁজৰ ফাইনেলত যোগ্যতা অৰ্জন কৰে। কিন্তু এতিয়া পেৰিছৰ পৰা খালী হাতেৰে উভতি আহিব লগা হৈছে মল্লযুঁজাৰুগৰাকী। তৃতীয়বাৰৰ বাবে দেশৰ হৈ অলিম্পিকত প্ৰতিদ্বন্দ্বিতা কৰা মল্লযুঁজাৰুগৰাকীক অযোগ্য ঘোষণা কৰাৰ পিচত দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া৷ কিন্তু কিয় নিশাটোৰ ভিতৰতে ওজন বৃদ্ধি হৈছিল ভিনেশ ফ’গাটৰ? আপুনিও এই একে সমস্যাত ভুগিছে নেকি? দিনটোৰ এটা সময়ত আপোনাৰ ওজন বেলেগ বেলেগ হৈ থাকে নেকি? তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে। যদি দৈনন্দিন জীৱনৰ কিছু অংশ ঠিক নহয়, তেন্তে এই সমস্যা আপোনাৰো হ’ব পাৰে। দৈনিক ওজনৰ উঠা-নমা স্বাভাৱিক। আনকি যেতিয়া আপোনাৰ ওজন দিনটোত ১০ পাউণ্ডৰ উঠা-নমা হয় এয়া ডায়েটিং কৰাৰ পিছতো হ’ব পাৰে। গতিকে সাৱধান হওক। ভিনেশৰ দৰে প্ৰতিদিনে ওজন বৃদ্ধি বা কমি যাব পাৰে।
যদি হে আপুনি দৈনিক ওজনৰ উঠা-নমা লক্ষ্য কৰে তেন্তে ইয়াক লৈ অতিমাত্ৰা চিন্তা নকৰিব। দৰাচলতে শৰীৰত থকা পানীৰ চাপ বৃদ্ধিৰ ফলত ওজন বৃদ্ধি। কিন্তু এই ওজন বৃদ্ধি এদিন বা দুদিনৰ ভিতৰত স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ সম্ভাৱনা থাকে। অৱশ্যে ইয়াৰ বাবে শাৰিৰীক কছৰৎ অতিকৈ জৰুৰী। নিমখ, ৰিফাইন কাৰ্বহাইড্ৰেট আৰু সাধাৰণ চেনি কম থকা স্বাস্থ্যকৰ খাদ্য খাব লাগে। অহৰহ নিজকে ওজন কৰাৰ পৰিৱৰ্তে আপোনাৰ ওজনৰ পৰিৱৰ্তনৰ ওপৰত এক আভাস আপোনাৰ থকাটো নিতান্ত্যই প্ৰয়োজনীয়৷ কিন্তু ৰাতিৰ পৰা ৰাতিপুৱালৈ ওজন কিমানবাৰ উঠা-নমা কৰে? এই প্ৰশ্নৰ কোনো উত্তৰ চিকিৎসা শাস্ত্ৰতো নাই। শৰীৰত পানী জমা হোৱাটোৱেই ইয়াৰ মুখ্য কাৰণ বুলি চিকিৎসক সকলে ধাৰণা কৰে। কিন্তু যিকোনো সময়তে ওজন বৃদ্ধি অৰ্থাৎ হঠাতে পাঁচ পাউণ্ড বৃদ্ধি হোৱাটো স্বাভাৱিক। মাহেকীয়াৰ সময়তো মহিলাৰ ওজন বাঢ়ে, এয়াও সম্পূৰ্ণ স্বাভাৱিক।