প্ৰায় ১৩ কোটি বছৰৰ আগতে ভাৰত আৰু ম্যানমাৰ সিমান্তত এটা লাভাৰ উদগীৰণ হৈছিল। এই লাভাৰ লগত মেগনাইট আৰু ক্ৰেমাইট নামৰ দুটা ধাতু পোৱা গৈছিল। এই ধাতুবোৰতেই সৰু সৰু কণিকা বোৰৰ ৰূপত সোণ পোৱা গৈছিল আৰুসেই গোট মৰা লাভাবোৰৰ ওপৰৰে অসমৰ এই নৈ সমূহ বৈ গৈছিল। তেতিয়া নৈ সমূহে এই সোণৰ সৰু সৰু কণিকাবোৰো কঢ়িয়াই লৈ আনিছিল। তেনেকৈয়ে আদিম যুগৰে পৰা অসমৰ নৈত সোণ পোৱা গৈছিল। আহোম ৰজাসকলে সোৱণশিৰি নৈৰ বালি ধুই সোণ আহৰণ কৰিবলৈ ১৬০০০ হাজাৰ মানুহ নিয়োগ কৰিছিল।আহোম ৰজাসকলে প্ৰত্যেক বছৰে ১০হাজাৰ তোলা সোণ আহৰণ কৰিছিল কেৱল সোৱণশিৰি নৈৰ পৰা।
সোৱণশিৰি নৈৰ ওপৰিও বুঢ়িদিহিং, বৰলুইত, দিবাং, দিহঙ, ডিগাৰু দুধনৈ নদীটো সোণ পোৱা গৈছিল। মিৰজুমলাই অসম আক্ৰমণ কৰোতে চিৰাজউদ্দিন তালিজ আহিছিল। চিৰাজউদ্দিন তালিজে নিজৰ টোকা তাৰিখ-ই-অসমত এই কথা উল্লেখ কৰিছিল যে অসমৰ নৈ বোৰত সোণ পোৱা গৈছিল।
অসমৰ নদীয়ে নদীয়ে সোণ পোৱা বাবে সোণৰ অসম বুলি কোৱা হৈছিল।