1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 2:30 pm

এইকেইটা লক্ষণ দেখা দিলে আপুনিও ভূগিব পাৰে ভিটামিন B-12ৰ অভাৱত

  • Update Time : Wednesday, February 28, 2024

ভিটামিন বি ১২ৰ অভাৱে আপোনাৰ স্বাস্থ্যত বাৰুকৈয়ে ক্ষতি কৰিব পাৰে। স্নায়ু কাৰ্য , ডি এন এ সৃষ্টি আৰু ৰক্তকণিকা গঠনৰ বাবে অতিকৈ আৱশ্যক এই ভিটামিন বি ১২। বিশেষকৈ দুগ্ধজাত খাদ্য, মাছ, কণী ইত্যাদি পুষ্টিকৰ খাদ্যসমূহত ভিটামিন বি ১২ পোৱা যায়। ভিটামিন বি ১২ৰ অভাৱে স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰে বিশেষকৈ ৪০ উৰ্ধ্বৰ পুৰুষৰ বাবে ই সমস্যাৰ সৃষ্টি কৰে। এইকেইটা লক্ষণ আপোনাৰ দেহত ধৰা পৰিলে বুজিব যে আপুনি ভিটামিন বি ১২ অভাৱৰ স্বীকাৰ হৈছে–

১. আপোনাৰ দেহত আপুনি এক আশ্চৰ্যকৰ বিষ অনুভৱ কৰিব পাৰে
২. অস্বাভাৱিক দুৰ্বলতা আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে
৩. আকস্মিকভাৱে আপোনাৰ ছালখন সেঁতা পৰিব পাৰে বা জণ্ডিছত আক্ৰান্ত হ’ব পাৰে
৪. খোজ কঢ়াত অসুবিধা অনুভৱ কৰিব পাৰে
৫. বিশেষকৈ হাত-ভৰিৰ পেশী দুৰ্বলতা হ’ব অনুভৱ কৰিব পাৰে

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme