1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 7:59 am

উৰ্দু ভাষাত লতাজীয়ে গীত পৰিবেশনৰ আঁৰত দিলীপ কুমাৰৰ বিশেষ সম্পৰ্ক… কি এই সম্পৰ্ক?

  • Update Time : Sunday, February 6, 2022

ডিজিটেল ডেস্কঃ পঞ্চভূতত বিলীন হ’ল লতা মংগেশকাৰ। লতাজীক অন্তিম বিদায় দি শোকস্তব্ধ হৈ পৰিছে দেশবাসী। দেশত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় শোক পালনৰ বাবেও কেন্দ্ৰীয় চৰকাৰে আহ্বান জনাইছে দেশবাসীক। শোকৰ মাজতেই অনুৰাগীসকলে লতাজীৰ স্মৰণ কৰিছে। প্ৰায় ৩০টাতকৈও অধিক ভাষাত গীত পৰিবেশন কৰা লতাজীয়ে উৰ্দু ভাষাতো গীত পৰিবেশন কৰিছিল। এগৰাকী মাৰাঠী যুৱতীয়ে উৰ্দু ভাষাত কেনেকৈ ইমান সাৱলীল ভাৱে গীত পৰিবেশন কৰিছিল সেই লৈ বহুতেই আচৰিতো হয়। লতাজীয়ে উৰ্দুত গীত পৰিবেশনৰ আঁৰত আছে বিশেষ কাহিনী।

চন ১৯৪৭ তেতিয়া লতা সংগীত জগতত প্ৰায় নতুন। তেতিয়াই তেওঁ এগৰাকী বিশেষ শিল্পীৰ সৈতে পৰিচিত হ’ল। দিলীপ কুমাৰৰ সৈতে পৰিচিত হ’ল লতা। চিনাকীৰ পিছতেই লতাৰ কণ্ঠক বিশেষ প্ৰশংসা কৰিলে দিলীপ কুমাৰে ইয়াৰ লগতে লতাক দিলে বিশেষ উপদেশো। বিভিন্ন ভাষাত যিহেতু লতাই গীত পৰিবেশন কৰিছেই গতিকে অন্যই গাবলৈ টান পোৱা উৰ্দুত লতাই গীত পৰিবেশন কৰিব পাৰে। তেওঁৰ এই কথাই লতাক উৎসাহিত কৰিলে। লগে লগেই কেনেকৈ উৰ্দুত গীত পৰিবেশন কৰিব পৰা যাব সেই সম্পৰ্কে জানিবলৈ আগ্ৰহী হৈ উঠিল। দিলীপ কুমাৰে লতাৰ আগ্ৰহ দেখি তেওঁক এগৰাকী মৌলানাৰ সৈতে পৰিচয় কৰাই দিয়ে। মৌলানাজনৰ পৰাই লতাই উৰ্দুভাষাৰ উচ্চাৰণ শৈলী শিকিবলৈ আৰম্ভ কৰে। লতাই তেওঁৰ আত্মজীৱনীত এই কথা উল্লেখ কৰিছে। তেওঁ লিখিছে, মই যিহেতু এগৰাকী মাৰাঠী যুৱতী মোৰ উৰ্দু উচ্চাৰণত কিছু জটিলতা আছিল। উৰ্দুত গীত পৰিবেশন কৰিবলৈ যাওঁতে উচ্চাৰণলৈ মন দি বাৰে বাৰে ৰৈ গৈছিলো। কিম্তু দিলীপ কুমাৰৰ কথাখিনিয়ে মোৰ মনত এনেকৈ শিঁপালে যে মই দিনে নিশাই উৰ্দু ভাষাৰ অনুশীলন কৰিবলৈ আৰম্ভ কৰিলো। তাৰ পিছত মই সেই ভাষাত সাৱলীল ভাৱে গীত পৰিবেশন কৰিব পৰা হ’লো।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme