ডিজিটেল ডেস্কঃ ১০ মিনিটৰ বাবে উপায়ুক্তৰ আসনত মাজুলীৰ ছাত্ৰী। সোমবাৰে উপায়ুক্তৰ দায়িত্ব গ্ৰহণ কৰিলে মাজুলীৰ ১৫ বছৰীয়া ছাত্ৰী এগৰাকীয়ে। ছাত্ৰীগৰাকী হৈছে মাজুলী খাৰজানপাৰ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণী ছাত্ৰী প্ৰিয়ংকা দাস।
সমগ্ৰ ৰাজ্যৰ লগতে মাজুলী খাৰজানপাৰ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়তো প্ৰদান কৰা হৈছে কভিড ভেকছিন। ১৫ ৰ পৰা ১৮ বছৰৰ ছাত্র-ছাত্রীসকলক প্ৰদান কৰা হৈছে এই ভেকছিন। ক’ভিড ভেকচিনৰ প্ৰথম পালি টিকা প্ৰদানৰ শুভাৰম্ভণি কাৰ্যসূচীত উপস্থিত থাকে জিলা উপায়ুক্ত পুলক মহন্তও।
উল্লেখ্য যে উক্ত ভেকচিন প্ৰদান কাৰ্যসূচীত ছাত্র-ছাত্রীক উৎসাহ প্ৰদানৰ বাবে প্ৰিয়ংকা দাসক ১০ মিনিটৰ বাবে জিলা উপায়ুক্তৰ দায়িত্ব অৰ্পণ কৰে খোদ উপায়ুক্তই। খাৰজানপাৰ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ত কেন্দ্ৰীয়ভাৱে প্ৰথম প্ৰতিষেধক গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। উপায়ুক্তৰ আসনতে বহি ছাত্ৰী প্ৰিয়ংকাইয়ো গ্ৰহণ কৰে ক’ভিড ভেকচিন। আনহাতে ১০ মিনিটৰ বাবে উপায়ুক্তৰ দায়িত্বভাৰ গ্ৰহণ কৰি যথেষ্ট সুখী বুলি জনাইছে প্ৰিয়ংকা দাসে।