বলীউডৰ এসময়ৰ আবেদনময়ী অভিনেত্ৰী তনুশ্ৰী দত্তই। তনুশ্ৰী ‘আশিক বনয়া আপনে’ বোলছবিৰ জৰিয়তে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল। এই ছবিখনৰ সময়ত ইমৰাণ হাছমীৰ সৈতে অভিনেত্ৰীগৰাকীৰ অন্তৰংগ দৃশ্য আৰু লিপ লক দৃশ্য সেইসময়ৰ পৰা আজিলৈ ইণ্টাৰনেটত দ্ৰুতগতিত ভাইৰেল হৈ আছে। কিন্তু কি হৈছিল ‘আশিক বনয়া আপনে’ বনায়া বোলছবিখনৰ সেই বিশেষ গীতটিত? কিদৰে দৃশ্যগ্ৰহণ কৰা হৈছিল ‘আশিক বনয়া আপনে’ গীতটি। বহু বছৰৰ মূৰকত গীতটি সন্দৰ্ভত মুখ খুলিছে অভিনেত্ৰী তনুশ্ৰী দত্তই। এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে কয় “মই সেই সময়ত আমি একেবাৰেই সহজ হৈ থকা নাছিলো। মোৰ পিঠি সম্পূৰ্ণ উন্মুক্ত অৱস্থাত আছিল৷ কিন্তু সেইসময়ত এইবোৰলৈ কাৰোৰেই ভ্ৰুক্ষেপেই নাছিল৷ দৰ্শকৰ বাবে হে উত্তেজিত কৰা দৃশ্যবোৰ এটা হুলস্থুলীয়া কাৰবাৰ৷ কিন্তু বাস্তৱতে আশিক বনায়া গীতটোৰ শ্বুটিংৰ সময়ত ইমৰাণ আৰু মই ভাতৃ-ভগ্নীৰ দৰেই কাম কৰিছো৷ অন্তৰংগ মুহূৰ্তৰ দৃশ্য হ’লেও আমি চিন্তিত আছিলো যে মেক-আপ নষ্ট হ’ব নেকি, কেমেৰাত আমাক দেখিবলৈ বেয়া লগা নাইটো? ইত্যাদি ইত্যাদি৷